প্রশ্ন ১। চমু উত্তৰ লিখা
(ক) “মানুহেই পৰাৎপৰ” বোলা কথাষাৰৰ অর্থ কি?
উত্তৰঃ মানুহ শ্রেষ্ঠতকৈও শ্রেষ্ঠ, – পৰম সত্য – এই অর্থ বুজাইছে।
(খ) মানুহক ‘ময়াপী জীৱ’ বোলাৰ অর্থ কি ?
উত্তৰঃ মানুহ জন্মি এই পৃথিৱীলৈ আহে আৰু মৃত্যু হৈ এই পৃথিৱী এৰি যায়। কিন্ত্ত মানহে পৃথিৱীৰ মোহ এৰিব নোৱাৰি পুনৰ এই পৃথিৱীলৈ আহে। এইদৰেই পৃথিৱীৰ মায়া-মোহ এৰিব নোৱাৰি মানুহ অনন্তকাল পৃথিৱীলৈ অহা-যোৱা কৰি আছে। পৃথিৱীত মানুহ এই আছে, এই নাই। এই কাৰণেই মানুহক ‘ময়াপী জীৱ’ বোলা হৈছে।
(গ) পাদ্য অর্ঘ্য লৈ মানুহক পূজা কৰাৰ অর্থ কি?
উত্তৰঃ পৃথিৱীত মানুহৰ একমাত্ৰ সংগী হ’ল মানুহ। সেয়ে মানুহৰ বাবে মানুহতকৈ শ্রেষ্ঠ কোনো নাই। মানুহৰ বাবে মানুহেই দেৱতা, আৰু পূজা কৰিব লাগিলে মানুহে মানুহকেই পূজা কৰিব লাগে। মানুহে মানুহৰ কল্যাণৰ কাৰণে কাম কৰাকেই মানৱ-সেৱা বা মানৱ পূজা বুলি কৈছে। পাদ্য-অর্ঘ্য লৈ মানে একান্ত আন্তৰিকতাৰ এই মানৱ-সেৱা বা মানৱ পূজা কৰিবলৈ কোৱাই ইয়াৰ অর্থ।
প্রশ্ন ২। “মানৱ বন্দনা” কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা।
উত্তৰঃ 'মানৱ বন্দনা' কবিতাটি প্রতিমাৰ খনিকৰ চন্দ্ৰ কুমাৰ আগৰৱালাই এই সংসাৰত মানুহৰ জন্ম-মৃত্যু আৰু প্রাণী শ্রেষ্ঠ মানুহৰ প্রকৃত কৰ্মৰ কথা সুন্দৰভাৱে উপস্থাপন কৰিছে।
এই পথিৱীলৈ মানুহ অহৰহ চামে চামে আহিয়েই আছে, আৰু পৃথিৱীৰ পৰা সেইদৰে গৈয়েই আছে। পৃথিৱীত মানুহৰ এই অহা-যোৱাৰ অনন্ত সোঁত বৈ আছে। মৃত্যু হলেও মানুহে পৃথিৱীৰ যেন মায়া-মোহ এৰিব নোৱাৰি পুনৰ পৃথিবীলৈ আহি আছে। পৃথিৱীত মানহ মৰি থাকিলেও ই কেতিয়াও জনশূন্য হোৱা নাই। এচামৰ মৃত্যু হলে এচামৰ জন্ম হয়। সেয়ে পৃথিৱী ‘মৰত’ অর্থাৎ মৃত্যুময় ঠাই বুলি কোৱাৰ কোনো অর্থ নাই। মানুহৰ জন্ম-মৃত্যু সোঁতৰ কেতিয়াও অন্ত নহয়। এই পৃথিৱীত মানুহেই মানুহৰ একমাত্র সংগী, – মানুহেই মানুহৰ কাৰণে দেৱতা স্বৰূপ। সেই কাৰণে পৃথিৱীত জীয়াই থকা কেইদিন মানুহে মানুহৰ কাম কৰিব লাগে, — মানুহে মানুহক মৰম কৰিব লাগে, মানুহে মানুহৰ কল্যাণৰ হকে আন্তৰিকতাৰে কাম কৰিব লাগে। মানুহে মানুহক মৰম কৰা, মানুহে মানুহৰ কল্যাণ কৰা এইবোৰেই প্রকৃত ধর্ম। মানুহেই মানুহৰ বাবে শ্রেষ্ঠতকৈও শ্রেষ্ঠ, পৰম সত্য। সেই কাৰণে মানুহক পৰম দেৱতা মানি মানুহক পূজা কৰিবলৈ, – অর্থাৎ মানুহৰ কল্যাণৰ হকে কাম কৰিবলৈ কবিয়ে আহ্বান জনাইছে।
প্রশ্ন ৩। “এই যে পৃথিৱী স্বৰ্গতো অধিক
মানুহৰ নিজাপী ঘৰ।” – কথাষাৰৰ অৰ্থ বুজাই লিখা।
উত্তৰ এই পৃথিৱীত মানুহৰ চামে চামে জন্ম হব লাগিছে আৰু সেইদৰে চামে চামে। মানুহৰ মৃত্যুও হৈ আছে। পৃথিবীলৈ মানুহৰ এই অহা-যােৱাৰ সোঁত কাহানিও অন্ত পৰা নাই, অন্ত নপৰেও। সেই কাৰণেই পৃথিৱীখন মানুহৰ নিজাপী ঘৰ’ অর্থাৎ স্থায়ী ঘৰ । এই ‘নিজাপী ঘৰ’ পৃথিৱীত মানুহে মানুহৰ প্রতি মৰমিয়াল হলে, দয়াশীল হলে, মানুহক দেৱতাৰ দৰে পূজা সেৱা কৰিলে – পৃথিৱীখন মানুহৰ কাৰণে স্বৰ্গতো অধিক সুখৰ ঠাই হৈ পৰিব, – অতি মনোৰম ঠাই হৈ পৰিব। কাৰণ পৃথিৱীত মানুহেই মানুহৰ লগ-সংগ। মানুহ মানুহৰ কাৰণে শ্রেষ্ঠতকৈয়ো শ্রেষ্ঠ, – পৰম সত্য।
প্রশ্ন ৪। তাৎপর্য ব্যাখ্যা কৰা
(ক) মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে,
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মততে।
উত্তৰঃ উদ্ধৃত কবিতাফাকি জোনাকী যুগৰ প্রখ্যাত কবি চন্দ্ৰকুমাৰ আগৰৱালা ৰচিত। ‘মানৱ-বন্দনা’ কবিতাটিৰ অন্তৰ্গত।।
মানুহ মানুহৰ প্রতি কেনে হোৱা উচিত আৰু মানুহৰনো প্রকৃত ধর্ম কি এই সম্পর্কে ক'বলৈ গৈ কবিয়ে কবিতাফাকিত এনেদৰে উল্লেখ কৰিছে।
এই পৃথিৱীত মানুহৰ জন্ম-মৃত্যুৰ অহৰহ এটি সোঁত বৈ আছে। এই সোঁতৰ কোনোদিন অন্ত হোৱা নাই। অর্থাৎ, পৃথিৱীত মানুহৰ অন্ত হোৱা নাই। গতিকে পৃথিৱীখন মানুহৰ ‘নিজাপী’ ঘৰ। এই নিজাপী ঘৰত অর্থাৎ পৃথিৱীত মানুহৰ কাৰণে মানুহেই শ্রেষ্ঠতকৈয়ো শ্রেষ্ঠ, পৰম সত্য। আনহাতে পৃথিৱীত মানুহেই মানুহৰ একমাত্র সংগ, লগ। সেয়ে মানুহে মানুহৰ মৰম বুজিব লাগে, মানুহ মানুহৰ প্রতি দয়াশীল, মৰমিয়াল হ’ব লাগে। মানুহৰ প্রতি মানুহৰ মৰমেই হৈছে মানুহৰ পৰম ধর্ম। এই ধৰ্মৰ দ্বাৰাই পৃথিৱীক স্বর্গতকৈও অধিক সুখকৰ কৰিব পৰা যায়, পৃথিৱীক সুখ-শান্তিৰে পৰিপূৰ্ণ কৰিব পৰা যায়।
প্রশ্ন ৫। সমার্থক শব্দ লিখা –
মানুহ, সংগ, পৃথিৱী, সোঁত, স্বর্গ, দেৱ।
উত্তৰঃ মানুহ – নৰ, মনিচ, মনুষ্য।
সংগ – লগ, সংগী, লগৰীয়া
পৃথিৱী – ধৰিত্ৰী, ধৰা
সোঁত- ধাৰ, গতি
স্বর্গ। – সৰগ
দেৱ – দেৱতা
প্রশ্ন ৬। সংস্কৃত কর্ম, ধর্ম আদি শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্রস্তুত কৰা।।
উত্তৰঃ সূর্য – সূৰুয
কর্ম - কাম
পদ্ম – পদুম
মুক্তা - মুকুতা
প্রীতি – পীৰিতি
কর্ণ - কাণ
সৰ্প– সাপ
হস্তী – হাতী
ধান্য - ধান
CLASS 9 ( নৱম শ্ৰেণী ) : মানৱ বন্দনা SOLVED QUESTION & ANSWER ( প্ৰশ্ন উত্তৰ )