উত্তৰ : ‘সাৰথি’ পুথিখন সত্যনাথ বৰাৰ ৰচনা।
(খ) কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়?
উত্তৰঃ যিবিলাক মানুহেৰে সৈতে সম্বন্ধ জন্মে, বা যিবিলাকেৰে সংসাৰত সমাজ পাতি থাকা, সেইবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে-সন্তোষে কাম নিয়াব পাৰি, সংসাৰ যাত্ৰীয়ে তাক ভালকৈ জনা উচিত। ইয়াকে নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্রব ভুগিবলৈ পায়।
(গ) কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ ?
উত্তৰ যি শ্ৰেণীৰ মানুহে অবাবত কেটেৰা মাত মাতি বেজাৰ দিয়ে সেই শ্রেণীৰ মানুহ বৰ, নির্বোধ আৰু খিংখিঙীয়া হয়। তেওঁলােকে ভবিষ্যত নুগুনি কেটেৰা মাৰিহে মানুহৰ লগত কথা হয়। এই শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ।
(ঘ) সজ ব্যৱহাৰৰ অনুপান কি?
উত্তৰঃ সজ ব্যৱহাৰৰ অনুপান হ’ল নম্রতা।
(ঙ) মনত অহংকাৰ ৰাখি মুখত নম্র হলে মানুহক কি কৰা হয় ?
উত্তৰঃ মনত অহংকাৰ ৰাখি মুখত নম্র হলে মানুহক ছল কৰা হয়।
(চ) “এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল।” – ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে?
উত্তৰঃ যিবিলাক মানুহে লগ-লগৰীয়াক হহুঁৱাবলৈ লােকৰ গুপ্ত কথা সদৰী কৰে, সিবিলাক মানুহৰ স্বভাৱ নিচেই পাতল। ইয়াত এই শ্ৰেণীৰ মানুহৰ কথাকেই কোৱা হৈছে।
(ছ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়?
উত্তৰঃ শঠৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশয় দিয়া হয়।
(জ) বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা ?
উত্তৰঃ বহল ব্যাকৰণ’ পুথিখন সত্যনাথ বৰাৰ ৰচনা।
প্রশ্ন২। চমুকৈ বুজাই লিখা
(ক) ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নােৱাৰি?
উত্তৰঃ যিবিলাক মানুহৰ সৈতে সম্বন্ধ জন্মে বা যিবিলাকৰ হৈতে সংসাৰ পাতি সমাজ থকা যায়, সিবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে-সন্তোষে কাল নিয়াব পাৰি তাক সকলােৱে জনা উচিত। ইয়াকে নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানান কষ্ট ভুগিব লগীয়া হয়। সজ ব্যৱহাৰ যদিও সজ চৰিত্ৰৰ গুণ, — তথাপি চৰিত্ৰ সজ হলেই ব্যৱহাৰ সজ হ’ব বুলি ক'ব নােৱাৰি। অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা গৰিহণাৰ পাত্র হয়। আকৌ অনেক কপটীয়া ছলাহী বদ চৰিত্ৰৰ মানুহে ব্যৱহাৰৰ গুণত সকলােৰে মৰম পায়। গতিকে ব্যৱহাৰ প্রণালী মানুহৰ এটা গুৰুত্বপূর্ণ দিশ। ইয়াক সামান্য কথা বুলি কেতিয়াও উলাই কৰিব নােৱাৰি; বৰং ইয়াক মন দি শিকাহে উচিত।
(খ) বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে?
উত্তৰঃ দান কৰা হয় লােকৰ কল্যাণৰ অর্থে। এই দানৰ কথা দান গ্রহণ কৰােতেই কেতিয়াও পাহৰিব নালাগে। কিন্ত্ত কেটেৰা মাতেৰে বা তিতা কথাৰে দান দিলে সেই দানৰ কোনাে অর্থ নাই। তিতা কথাৰে মাতি উপকাৰ কৰিলেও, দান কৰিলে তেনে দান বা উপকাৰৰ কথা মানুহে একতিলে পাহৰে, অর্বুদ দানৰ ফল নিমিষতে লয় হয়। সেই কাৰণে জ্ঞানীসকলে দানত বিনয়ভাৱৰ বিধান কৰিছে। বিনয়ভাৱেৰে কৰা দানে কল্যাণ সাধন কৰাৰ উপৰিও দান গ্রহণ কৰোতাই সেই দানৰ কথা চিৰকাল কৃতজ্ঞতাৰে সুৱৰি থাকে।
প্রশ্ন ৩। তাৎপর্য ব্যাখ্যা কৰা
(ক) “নম্রতা সজ ব্যৱহাৰৰ অনুপান।”
উত্তৰঃ নম্রতা মানুহৰ এটা উৎকৃষ্ট গুণ। উচিত অনুপানেৰ ঔষধ খালে সি বেছি গুণ দিয়ে। সেইদৰে সজ ব্যৱহাৰত নম্রতা মিহলালে তাৰাে উপকাৰ সৰহ হয়। দম্ভালি কথাই মানুহৰ কাত কাড় ফুটা দিয়ে। সেই দেখি আনৰ লগত আলাপ-আচৰণ কৰোঁতে দম্ভালি এৰি নম্র হােৱা উচিত। নম্রতাৰে আনৰ লগত আলাপ-আচৰণ কৰিলে আনৰ কথা বাদেই অতি খঙাল আৰু শত্রুকো জয় কৰিব পাৰি। নম্রতা এটা গুণ, মিঠা মাত তাৰ ফল। মনত নম্রতা ভাৱ থাকিলেহে মুখেৰে আপােনা-আপুনি মিঠামাত ওলায়। সেই কাৰণেই সজ ব্যৱহাৰক আৰু অধিক অন্তস্পশী কৰিবলৈ, আকর্ষণীয় কৰিবলৈ নম্ৰতাক অনুপান বুলি কোৱা হৈছে।
(খ) “সােণৰ জেউতি অমান্য কৰিলে নকমে।”
উত্তৰ : সােণ স্বাভাৱিকভাৱেই অতি উজ্জল ধাতু। ইয়াৰ জেউতি নাই বুলি অমান্য কৰিলে সেই উজ্জ্বলতা বা জেউতি কেতিয়াও নাইকিয়া নহয়। ঠিক সেইদৰে প্ৰকৃততে মান্যৱন্ত মানুহক কোনােৱে অমান্য কৰি পুৰুষালি কৰা যেন অনুভৱ কৰিলেও তেওঁলােকৰ সেই মান্যতা নাইকিয়া নহয়, তেওঁলােকৰ মান সন্মানৰ মূল্য কমি নাযায়। বৰং অমান্য কৰি বৰ পুৰুষালি দেখুওৱা বুলি ভবা সকলহে সমাজৰ চকুত বেছি নীচ বুলি পৰিচিত হয়।
প্রশ্ন ৪। বিপৰীতার্থক শব্দ লিখা
সুখ, সন্তোষ, সজ, চৰিত্ৰৱন্ত, কপটীয়া, মিঠা, বিনয়, নম্রতা, লঘু, উচ্চ, নিন্দা, গুপ্ত, দোষ, গহীন, আঢ্যৱন্ত
উত্তৰঃমিঠা – তিতা
বিনয়—উগ্র
সন্তোষ – অসন্তোষ
নম্রতা – উগ্রতা
সুখ – দুখ
সজ – অসজ
দোষ – গুণ
চৰিত্ৰৱন্ত – চৰিত্ৰহীন।
কপটীয়া– উদাৰ
নিন্দা– প্রশংসা।
উচ্চ– নীচ
গহীন – পাতল।
প্রশ্ন ৫। বাক্য ৰচনা কৰা
চকুৰ কুটা, পেটত কথা ৰাখ।।
উত্তৰঃ চকুৰ কুটা (শত্রু, দেখিব নােৱৰা) : আনৰ অপকাৰ কৰি ফুৰা মানুহ আনৰ চকুৰ কুটা দাঁতৰ শাল হৈ পৰে।।
পেটত কথা ৰাখ (ক’ব নলগীয়া কথা ব্যক্ত নকৰি মনতে ৰাখা) : আনৰ গুপ্ত কথা প্রকাশ নকৰি পেটত কথা ৰাখিব পাৰিলে মানুহৰ শত্রুতা কমে।
CLASS 9 ( নৱম শ্ৰেণী ) : অন্যৰ প্ৰতি ব্যৱহাৰ SOLVED QUESTION & ANSWER ( প্ৰশ্ন উত্তৰ )