শিশুলীলা | শিশুলীলা প্ৰশ্ন উত্তৰ | class 9 assamese medium question answer | class 9 assamese medium | class 9 assamese chapter 1 | class 9 assamese book question answer | class 9 assamese question answer ~ easy axom

Partha Gogoi
0
 CLASS 9 ( নৱম শ্ৰেণী ) : শিশুলীলা QUESTION & ANSWER ( প্ৰশ্ন উত্তৰ )
 

 

শিশুলীলা

 
প্রশ্ন ১। অতি চমু প্রশ্নৰ উত্তৰ দিয়া –
        (ক) “কৃষ্ণগীত গাৱন্ত সুন্দৰী”
        – কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন?
         উত্তৰঃ
যশোদা
        (ঘ) মথনি’ শব্দৰ অর্থ কি?
        উত্তৰঃ
গাখীৰ ঘাটিবলৈ ব্যৱহাৰ কৰা মাৰি।
        (চ) “ৰুণঝুণ কেয়ূৰ কঙ্কণ।”
        - কাৰকেয়ূৰ কঙ্কণৰ ৰুণঝুণ শব্দৰ কথা ইয়াত কোৱা হৈছে?
        উত্তৰঃ
যশোদাৰ।


প্রশ্ন ২। শিশুলীলা’ পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা।
উত্তৰঃ
ভগৱান শ্রীকৃষ্ণই সাধাৰণ মানৱ শিশুৰূপত দৈবকীৰ গৰ্ভত জনম লৈ যশোদাৰ পুত্ৰৰূপে লালিত-পালিত হৈছে। মাজে মাজে প্রয়োজনবোধে নিজত ঐশ্বৰিক মাহাত্ম্য প্রকাশৰ বাহিৰে শিশু কালত প্ৰায়বোৰ কামতে এজন সাধাৰণ মানৱ শিশুৰ আচৰণ তথা চৰিত্র প্রকাশ পাইছে। ‘শিশুলীলা’ পাঠটিত যশোদাই দধি মথি থাকোতে সর্বসাধাৰণ শিশুৱে মাকে কাম কৰি থকা অৱস্হাত আহি স্তন পিবলৈ মাকক আমনি কৰাৰ দৰে, কামত বাধা দিয়াৰ দৰে শিশু শ্রীকৃষ্ণয়ো আহি মাক যশোদাৰ মথনি বাৰিত ধৰি স্তন পিবলৈ আমনি কৰিছে। মাক যশোদাই দধি মথিবলৈ এৰি কৃষ্ণক স্তন পিয়াইছে। কিন্ত্ত এনেতে চৌকাত বহাই থোৱা গাখীৰ উতলি অহাত স্তন পিওৱা আধাতে এৰি গাখীৰ নমাবলৈ গল। সম্পূর্ণ হোৱা নোহোৱাকৈ কেচুৱাক মাকে এৰি দিলে সকলো কেচুৱাৰে  খঙত কন্দা কটা কৰাৰ উপৰিও হাতত যাকে পায় তাকে দলিয়াই কেতিয়াবা কোনো বস্তুৰ অনিষ্ট কৰে। শিশু শ্ৰীকৃষ্ণৰ ক্ষেত্ৰটো সেয়াই হৈছিল। সাধাৰণ মানৱ শিশুৰ দৰে মাক যশোদা তেনেকৈ গুচি যোৱাত বৰ খং উঠিল আৰু শিল মাৰি গাখীৰ ভাণ্ড ভাঙি পেলালে। লৱণু মনে মনে খাই বান্দৰকো খাবলৈ দিলে। যশোদাই ঘূৰি আহি শ্ৰীকৃষ্ণৰ এই কাণ্ড দেখি তেওঁৰো খং উঠিল আৰু হাতত মাৰি এডাল লৈ মাৰিবলৈ খেদি গ’ল। সাধাৰণ মানৱ শিশুৰ দৰে ভয়তে শ্রীকৃষ্ণয়ো ইফালে সিফালে দৌৰিবলৈ ধৰিলে। অৱশেষত মাকৰ দুখ দেখি ভয়ে ভয়ে কন্দনামুৱা হৈ এঠাইত থিয় হৈ থাকল। মাকে শ্ৰীকৃষ্ণক নামাৰে আৰু যাতে আহি তেওঁক দিগদাৰী দিব নোৱাৰে তাৰ কাৰণে শ্ৰীকৃষ্ণ উড়লত বান্ধি থবৰ কাৰণে ৰচিৰে মেৰাই মেৰাই বান্ধিলে যদিও মাত্ৰ দুআঙুল ৰচিয়ে তেওঁক বান্ধিবলৈ নাটিলে। এইবোৰ কার্য সাধাৰণ মানৱ শিশু আৰু মাকৰ আচৰণ আৰু কাৰ্য-কলাপত সচৰাচৰ দেখা যায়, যিবোৰ শিশু শ্রীকৃষ্ণ আৰু মাক যশোদাৰ ক্ষেত্ৰত দেখা গেছে। শ্রীকৃষ্ণক বান্ধিবলৈ জৰি ফেৰা লগায়ো দুআঙুল জৰিয়ে নাটা কথাত এক ঐশ্বৰিক মাহাত্মা দেখুৱালেও সমস্ত কার্য-কলাপ তেওঁ সাধাৰণ মানৱ শিশুৰ দৰেই প্রকাশ পাইছে।
 
class 9 assamese chapter 1
 
প্রশ্ন ৩। শংকৰদেৱ মহত্ত্বম সৃষ্টি ‘কীৰ্ত্তন-ঘোষা’ৰ পুথিখনৰ বিষয়ে এটি চমুটোকা লিখা।
উত্তৰঃ
‘কীৰ্ত্তন’ এই গ্রন্থ শংকৰদেৱৰ সাহিত্য জীৱনৰ কীর্তিস্তম্ভ। ‘কীৰ্ত্তন’ পুথিখনিত ঊনত্রিশটা আখ্যান আছে যদিও সাতাইশটা মাত্র তেওঁৰ ৰচিত, আৰু বাকী দুটা শিষ্যসকলে ৰচনা কৰি তাত সংযোগ কৰিছে। শংকৰদেৱে বিভিন্ন ঠাইত থাকোতে বিভিন্ন ভক্তিমূলক আখ্যান ৰচনা কৰিছিল। তেওঁ শিষ্য-প্রশিষ্যসকলে পিছত তাৰে এই আখ্যানসমূহ সংগ্ৰহ কৰি ‘কীৰ্ত্তন’ নামেৰে প্ৰকাশ কৰে। অসমীয়া মানুহৰ ই এখন বৰ আদৰৰ গ্রন্থ।

প্রশ্ন ৪। ‘শিশুলীলা’ পাঠটিৰ অন্তর্নিহিত তাৎপর্য বুজাই লিখা।
উত্তৰঃ
আমাৰ পাঠ্যপুথিত থকা ‘শিশুলীলা’ কাব্যাংশত ভগৱান শ্রীকৃষ্ণক সাধাৰণ মানৱ শিশু হিচাপেই অংকন কৰা হৈছে। মাজে মাজে কেতিয়াবা শিশু কৃষ্ণৰ কিছুমান অদ্ভুত কার্য দেখি এক আচৰিত বালক, স্বয়ং ঈশ্বৰ আদি ভাৱ যশোদাৰ মনলৈ আহে যদিও পুত্র স্নেহত অন্ধ, মায়া পাশত আবদ্ধ যশোদাই নিজৰ প্ৰাণত সন্তান বুলিয়েই তেওঁক সাধাৰণ মাতৃয়ে পুত্ৰৰ প্ৰতি কৰা আচৰণকেই কৰি আহিছে।
‘শিশুলীলা’ কাব্যাংশত দধি মণ্থৰ এটি বর্ণনাৰে শিশু কৃষ্ণৰ মানবীয় শিশুৰ ওফোন্দা, দুষ্টালি আৰু অতপালি প্ৰকাশ কৰিছে। মাক যশোদাই পুত্র কৃষ্ণৰ গুণানুকীৰ্তন কৰি গুণ গুণকৈ গীত গাই দধি মথি আছে। এনেতে কৃষ্ণৰ পিয়াহ লাগিল। স্তন পিবলৈ আহি মাকক মথনিত ধৰি বাধা দিছে। স্তন পিয়াই আঁতৰাই পঠোৱাৰ উদ্দেশ্যে দধি মথনৰ কাম অকণমান সময় বন্ধ ৰাখি শিশু শ্রীকৃষ্ণ স্তন পিয়াইছে। এনেতে বহাই থোৱা গাখীৰ উতলি পৰাত স্তন পিয়াবলৈ এৰি যশোদা গাখীৰ নমাবলৈ গ'ল। তাতে কৃষ্ণই খং কৰি দধিৰ ভাণ্ড এটা শিল মাৰি ভাঙিলে আৰু লবণ আনি নিজেও খালে বান্দৰকো খাবলৈ দিলে। মাক যশোদা ঘূৰি আহি শ্রীকৃষ্ণ কৃষ্ণৰ কাণ্ড দেখি মাৰি এডাল লৈ খেদি গ'ল। ভয়ত কৃষ্ণই ইফালে সিফালে দৌৰিবলৈ ধৰিলে৷ মাক ভাগৰি গল – তথাপি কৃষক ধৰিব নোৱাৰে। মাকৰ দুখ দেখি শেষত কন্দনামুৱা হৈ ভয়ে ভয়ে একে ঠাইতে কৃষ্ণ থিয় হৈ থাকিল। কৃষ্ণই বৰ ভয় খাোৱা দেখি যশোদাই মাৰিডাল পেলাই দি কৃষ্ণই যাতে দধি মথনৰ সময়ত আৰু দিগদাৰী দিব নোৱাৰে তাৰ বাবে উড়লত বান্ধি থবৰ কাৰণে ৰচি বিচাৰি আনি বান্ধিব খুজিলে, কিন্ত্ত দুআঙুল জৰিয়ে নাটে। কেবাড়াল জৰি যোৰা দিয়াতো সেই একেই কথা হ’ল। এয়া কৃষ্ণই ঐশ্বৰিক মাহাত্ম্য দেখুওৱাৰ ফলতেই জৰিয়ে নটা হৈছিল।
     ভগবানে পৃথিৱীত বিভিন্ন অৱতাৰ ধৰি মানুহৰ মাজত জন্ম গ্রহণ কৰে বা আবিৰ্ভাৱ হয়! শ্রীকৃষ্ণও ভগবানৰ এক আবিৰ্ভাৱ। মানুহ ৰূপে জন্ম গ্রহণ কৰি মানুহৰ দৰে আচৰণ কৰি তাৰ মাজতে ঐশ্বৰিক মাহাত্ম প্রকাশ কৰাই আৰু তাৰ দ্বাৰা মানুহক ভগবানৰ প্রতি আসক্তি কৰোৱাই - একমাত্র উদ্দেশ্য। ‘শিশুলীলা’ কাব্যাংশৰো শিশু কৃষ্ণৰ বিভিন্ন লীলা বর্ণনা কৰাৰো একে উদ্দেশ্য।
“নাহি আদি অন্ত পূর্বাপৰ। পূর্ণ ব্ৰহ্ম জগত ঈশ্বৰ।।” – এই পদ ফাকিতেও এই উদ্দেশ্য পৰিষ্কাৰভাবে প্রকাশ পাইছে।
 class 9 assamese medium question answer
 
প্রশ্ন ৫।  তাহাঙ্ক তনয় মানি বলে। 
        যশােদা বান্ধন্ত উড়ুখলে।।”- কথাষাৰৰ  অন্তর্নিহিত তাৎপর্য বুজাই লিখা।
       উত্তৰঃ উদ্ধৃত পদফাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘শিশু লীলা’ কাব্যাংশৰ অন্তর্গত।
            ভগৱান শ্রীকৃষ্ণক যশােদাই পুত্ৰৰূপে পাই কেনেদৰে তেওঁক আচৰণ কৰিছিল তাকেই পদফাকিৰ জৰিয়তে প্রকাশ কৰিছে।
            গাখীৰ ভাণ্ড শিলেৰে ভাঙি নষ্ট কৰা আৰু চুৰকৈ লৱণু খাই বান্দৰকো দিয়া দোষত খং কৰি শিশু কৃষ্ণ মাক যশােদাই প্রথমে চেকনি লৈ খেদি ফুৰিলে। পিছত শ্ৰীকৃষই মাকক ধৰা দিয়াত ৰছিৰে উড়লত বান্ধি থবলৈ খুজিলে। ইয়াকে দেখি কবিয়ে কৈছে যে যাৰ আদি অন্ত পূর্বাপৰ নাই, পূর্ণ-ব্রহ্ম জগত ঈশ্বৰ সেইজন পৰম পুৰুষ ঈশ্বৰক মায়া পাশত আবদ্ধ হৈ নিজৰ পুত্ৰ বুলি ভাবি পুত্রস্নেহত খং কৰি গাৰ জোৰেৰে উড়ুখলত বান্ধিব খুজিছে। এয়া স্বয়ং ভগবানৰে লীলাখেলা। যশােদাৰ পুত্ৰৰূপে পালিত হৈ সেই লীলা তেওঁ বেকত কৰিছে।

প্রশ্ন ৬। “নাহি আদি অন্ত পূর্বাপৰ।
পূর্ণ-ব্রহ্ম জগত ঈশ্বৰ।।” —ইয়াত কবিয়ে
শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা।
উত্তৰঃ
শিশু কৃষ্ণৰ গুণ গাই গাই মাক যশোদাই দধি মথি আছিল। এনেতে কৃষ্ণ আহি স্তন পিবলৈ খুজি দধি মথনিত ধৰি বাধা দিলে। যশোদাই দধি মথিবলৈ এৰি কৃষ্ণ স্তন পান কৰালে। ঠিক সেই সময়তে চৌকাত বহাই থোৱা গাখীৰ উতলি পৰাত লগালগ কৃষ্ণক কোলাৰ পৰা নমাই থৈ যশোদা গাখীৰৰ ওচৰলৈ দৌৰি গ'ল । ইয়াতে শিশু কৃষ্ণই খং কৰি দধিৰ ভাণ্ড শিল মাৰি ভাঙি পেলালে আৰু মনে মনে গৈ লৱণু নিজেও খালে আৰু বান্দৰকো দিলে। মাক ঘূৰি আহি কৃষ্ণৰ কাণ্ড দেখি চেকনি এডাল লৈ খেদি গ'ল। মাৰৰ ভয়ত কৃষ্ণ ইফালে-সিফালে দৌৰা-দৌৰি কৰি থাকিল। মাক যশোদাই কৃষ্ণক খেদি খেদি ভাগৰি পৰিল। মাকৰ দুখ দেখি কৃষই কনামুৱাকৈ ভয়ে ভয়ে এঠাইত ৰৈ থাকি মাকক ধৰা দিলে। কৃষ্ণই বৰ ভয় খোৱা দেখি মাকে চেকনি ডাল পেলাই দি কৃষ্ণক উড়লত বান্ধি থোৱাৰ যোজা কৰিলে। তাকে দেখি কবিয়ে কৈছে যে যিজনৰ আদি-অন্ত পূর্বাপৰ নাই, পূর্ণ-ব্রহ্ম জগত ঈশ্বৰ, - মানৱৰূপে আবিৰ্ভাৱ হৈ নানা মানবীয় লীলা খেলাৰে জগত | বাসীক ঈশ্বৰ ভক্ত কৰিবলৈ চেষ্টা কৰিছে। যশোদাই মায়াপাশত আবদ্ধ হৈ, পুত্র স্নেহত | অন্ধ হৈ স্বয়ং ‘পূর্ণ-ব্রহ্ম জগত ঈশ্বৰৰ প্রতি এনে আচৰণ কৰিছে।
 
 class 9 assamese medium
প্রশ্ন ৭। ব্যাখ্য কৰা —
        (ক) যাক যােগী নাপাৱে ধ্যানত।
                 হেন হৰি পলান্ত ভয়ত ।।
        উত্তৰঃ
উদ্ধৃত পদফাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘শিশুলীলা’কাব্যাংশৰ অন্তর্গত।
                    মাক যশােদাৰ ভয়ত শিশু কৃষ্ণ মানৱ শিশুৰ দৰে পলােৱাত কবিয়ে এনেদৰে কাব্যাংশত উল্লেখ কৰিছে।
                    স্তন পান কৰাই থাকোতে হঠাতে চৌকাত বহাই থােৱা গাখীৰ উতলি অহাত কৃষ্ণক এৰি মাক যশােদা গাখীৰ নমাবলৈ গ'ল। তাতে খং কৰি শিশু কৃষ্ণই শিল মাৰি দধি ভাণ্ড ভাঙিলে আৰু মনে মনে গৈ লৱণু নিজেও খালে আৰু বান্দৰকো খুৱালে। মাকে ঘূৰি আহি কৃষ্ণৰ কাণ্ড দেখি হাতত চেকনি লৈ খেদি যােৱাত ভয়তে কৃষ্ণ পলাই ফুৰিব ধৰিলে। ইয়াকে দেখি কবিয়ে কৈছে যে যােগীসকলে কঠোৰ তপস্যা বা ধ্যান কৰিও যি গৰাকী পৰম ঈশ্বৰক পাব নােৱাৰে সেই গৰাকীয়ে মানৱ সন্তান ৰূপে আবিৰ্ভাৱ হৈ সামান্য নাৰী এজনীৰ ভয়ত পলাই ফুৰিছে। এয়া স্বয়ং ভগৱানৰ লীলা খেলা। মানুহে ইয়াৰ তত্ত্ব বুজিব নােৱাৰে।
            (খ) ভাণ্ড ভাঙি আবে যাইবি কোথা।
                   খাইবে আজি কৃষ্ণ তােৰ মাথা।।
            উত্তৰঃ
উদ্ধৃত পদফাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘শিশুলীলা’ কাব্যাংশৰ অন্তর্গত।
                    স্তন পান কৰি থকা শিশু কৃষ্ণক আধাতে এৰি চৌকাত বহাই থােৱা গাখীৰৰ পাত্র। নমাবলৈ যােৱাত কৃষ্ণই খঙতে গাখীৰ ভাণ্ড ভাঙি পেলােৱাত কিদৰে মাক যশােদাৰ খং উঠিছিল, তাকেই পদফাকিত প্রকাশ পাইছে।।
                চৌকাত বহাই থােৱা গাখীৰ উতলি বাগৰি পৰা দেখি স্তনপান কৰি থকা কৃষক স্তনপানৰ পৰা এৰুৱাই মাক যশােদা গাখীৰৰ পাত্র নমাই থ'বলৈ গ'ল। কৃষ্ণৰ তেতিয়া খং উঠি গাখীৰৰ ভাণ্ড
শিল মাৰি ভাঙি দৌৰি আঁতৰি গ'ল। তাকে দেখি মাক যশােদায়ে খঙত ৰ'ব নােৱাৰি কৃষ্ণক মাৰিবলৈ এচাৰি লৈ খেদি গৈ এই বুলি কৈছিল যে ভাণ্ড ভাঙি পলাই ক’ত সাৰিবি, আজি তােৰ মাথা খাম। কৃষ্ণয়াে মাকক ধৰা নিদি দৌৰি পলাই গৈছিল যদিও পিছত মাকৰ দুখ দেখি ধৰা দিছিল। |
            (গ) পাছে পাছে যশােদা খেদন্ত। |
                   ভয়ে লাগ মাৱক নেদন্ত।।
            উত্তৰঃ
উদ্ধৃত পদফাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘শিশু লীলা’ কাব্যাংশৰ অন্তর্গত।
                    খঙত শিশু কৃষ্ণই গাখীৰৰ ভাণ্ড ভাঙি দৌৰি পলাই যােৱাত মাক যশােদাই কৃষ্ণক মাৰিবলৈ খেদি ফুৰিছিল, তাকেই পদফাকিত প্রকাশ পাইছে।
                চৌকাত বহাই থােৱা গাখীৰ উতলি বাগৰি পৰা দেখি স্তনপান কৰি থকা কৃষ্ণক স্তনপানৰ পৰা এৰুৱাই মাক যশােদা গাখীৰৰ পাত্র নমাই থ'বলৈ গ'ল। কৃষ্ণৰ তেতিয়া খং উঠি গাখীৰৰ ভাণ্ড
শিল মাৰি ভাঙি দৌৰি আঁতৰি গ'ল। তাকে দেখি মা যশােদায়ে অতি খং কৰি হাতত এচাৰি লৈ খেদি গৈ কৃষ্ণক কোবাবলৈ পিছে পিছে খেদি গ'ল । কৃষ্ণক খেদি খেদি মাক অতি ভাগৰি পৰিল, তথাপি কৃষ্ণক ধৰিব নােৱাৰিলে। মাকৰ দুখ দেখি শেষত কৃষ্ণই মাকক ভয়ে ভয়ে কান্দি কান্দি লগ দিলে।

প্রশ্ন ৯। “মহাকোপে কোঠা পশিলন্ত।।
সিঞ্চিৰাই লৱণু ভুজন্ত"।। —কোন অতি খঙৰে কোঠাত সােমাইছিল ? তেওঁ কিয় লৱণুবােৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা।
উত্তৰঃ
অতি খঙত কোঠাত সােমােৱাজন আছিল শিশু কৃষ্ণ।
            মাক যশােদাই দধিমতি থাকোতে স্তনপান কৰাৰ আশাত দধি মথনিত ধৰি শিশু কৃষ্ণই দিগদাৰী দিবলৈ ধৰিলে। দধি মথা কাম বন্ধ কৰি মাকে তেওঁক কোলাত লৈ স্তন পান কৰাবলৈ ধৰিলে। এনেতে গাখীৰ উতলি বাগৰি পৰাত গাখীৰৰ পাত্র নমাবলৈ বুলি কৃষ্ণক স্তন পান কৰাবলৈ আশা এৰি যশােদা লৰ মাৰিলে।
এই কথাত শিশু কৃষ্ণৰ অতি খং উঠিল। তেওঁ খঙৰ কোবত শিলমাৰি দধিৰ ভাণ্ড ভাঙাৰ উপৰিও কোঠাত সােমাই লৱণু খাই, বান্দৰকো খাবলৈ দি চাৰিওফালে লৱণু সিঁচৰতি কৰি পেলালে। 
 
 class 9  assamese book question answer
 
প্রশ্ন ১০। কৃষ্ণক ধৰিবলৈ গৈ যশােদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা। অথবা, শিশুলীলা’ পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ কার্যকলাপৰ এটি বিবৰণ যুগুত কৰা।
উত্তৰঃ
‘শিশুলীলা’ কাব্যাংশত শিশুকৃষ্ণৰ ওফোন্দা, জেদ আৰু দুষ্টালি প্রকাশৰ লগতে ঐশ্বৰিক মাহাত্মও প্রকাশ পাইছে। মাক যশােদাই দধি মথি থকা অৱস্থাত শিশু কৃষ্ণ তালৈ গৈ মথনিত ধৰি দধি মথাত মাকে যশােদাক দিগদাৰী দিছে। মাকে দধি মথিবলৈ এৰি কৃষ্ণক কোলাত লৈ স্তন পান কৰাবলৈ ধৰিলে। এনেতে চৌকাত বহাই থােৱা গাখীৰ উতলি পৰাত কৃষ্ণক তাতে থৈ যশােদা চৌকাৰ ওচৰলৈ দৌৰ মাৰি গ'ল। আধা স্তন পান কৰােতে তেনেকৈ এৰি থৈ যােৱাত কৃষ্ণৰ খং উঠিল আৰু খঙতে শিল মাৰি দধি ভাণ্ড ভাঙি পেলালে আৰু মনে মনে গৈ লবণু নিজেও খালে আৰু বান্দৰকো দিলে। মাক ঘূৰি আহি কৃষ্ণৰ এই কাণ্ডত মাক যশােদাই খং কৰি চেকনি এডাল লৈ খেদি গ'ল। কৃষ্ণই কৌশল কৰি ইফালে সিফালে দৌৰিবলৈ ধৰিলে, মাকে লগ ধৰিব নােৱাৰিলে। মাক ভাগৰি পৰাত কৃষ্ণই ভয়ে ভয়ে মাকক ধৰা দিয়ে। মাকে চেকনিড়াল পেলাই দি কৃষ্ণক উড়লত বান্ধিবলৈ বুলি জুৰি বিচাৰি আনিলে যদিও বান্ধিবলৈ দুই আঙুলিয়ে নুজুৰিলে। শেষত কেবাড়ালাে জৰি আনি জোৰাই ললে যদিও তথাপি সেই দুই আঙুলিয়েই নাটিলে। এয়া আছিল শ্রীকৃষ্ণৰ ঐশ্বৰিক মাহাত্ম। শেষত যেনিবা সেই মাহাত্ম্য তেওঁ সম্বৰণ কৰাত মাকে তেওঁক বান্ধিব পাৰিলে।। ‘শিশুলীলা’ পিঠত এয়াই আছিল শ্রীকৃষ্ণৰ কার্যকলাপ।
 
প্রশ্ন ১১। তলৰ শব্দবােৰৰ এটা বা দুটাকৈ সমার্থক শব্দ লিখা — কর্ণ, অৰুণ, দধি, বস্ত্র, বদন, লৱণু, কোপ, দশন দুগ্ধ, ঈশ্বৰ।
উত্তৰঃ কর্ণ –
কাণ
    অৰুণ –
সূর্য, ৰবি,
     দধি –
এৱা গাখীৰ, ক্ষীৰ
     বস্ত্র –
কাপােৰ, পােচাক
     বদন -
মুখ, বয়ন
     লৱণু –
মাখন, ননী, নৱনীত।
    কোপ–
খং, ৰাগ, ক্রোধ
    দশন –
দাঁত, দন্ত।
    দুগ্ধ –
দৈ গাখীৰ।
    ঈশ্বৰ–
ভগৱান, পৰমাত্মা, পৰমপুৰুষ।

 প্রশ্ন ১২।  তলৰ পুৰণি শব্দবােৰৰ আধুনিক ৰূপ দিয়া  
তাহাঙ্ক, নােজোৰে, খসি, হিল, আসি, ভৈল, আসন্ত, শিলায়ে, কাম্পে, মাৱক।
উত্তৰঃ তাহাঙ্ক –
তাক।
      ভৈল –
হ’ল।
    নােজোৰে –
নাটে।
    আসন্ত —
আহিল।
    খসি –
খহি।
    শিলায়ে —
শিলেৰে
     ৰহিল —
ৰ’ল
    কাম্পে –
কঁপে
    আসি —
আহি
    মাৱক –
মাকক

প্রশ্ন ১৩। তলৰ শব্দষ্টোত কি কি কাৰণত মূর্ধণ্য ‘ণ’ আৰু মূর্ধণ্য ষ’ হৈছে বুজাই লিখা।
অৰুণ, কঙ্কণ, কর্ণ, ভাণ্ড, নিষেধি।
উত্তৰঃ অৰুণ
= ‘ৰ' ৰ পিছত স্বৰবৰ্ণৰ ব্যৱধান থাকিলেও মূদ্ধণ্য ‘ণ’ হয় কাৰণে
‘অৰুণ’ শব্দত মূর্ধণ্য ‘ণ’ হৈছে।
কঙ্কণ = স্বাভাৱিকতে এই শব্দত মূর্ধণ্য ‘ণ’ হৈছে।
কর্ণ = ‘ৰৰ পিছত ন মূর্ধণ্য ‘ণ হয় কাৰণে এই শব্দত মূর্ধণ্য ‘ণ’ হৈছে।
 ভাণ্ড = ‘ট’ বৰ্গৰ আখৰৰ লগত যুক্ত হােৱাৰ কাৰণে এই শব্দত মূর্ধণ্য ‘ণ’ হৈছে।
নিষেধি = স্বাভাৱিকতে এই শব্দত মূর্ধণ্য ষ’ হৈছে। 

প্রশ্ন ১৪। পাঠটোত থকা অসমাপিকা ক্রিয়া শব্দ পাঁচোটা বাছি উলিওৱা |
উত্তৰ : পাঠটোত থকা অসমাপিকা ক্রিয়া শব্দৰ ভিতৰত পাঁচোটা হ’ল— আসি (আহি), দেখন্তে (দেখি), পশি (সােমাই), বসি (বহি), দেখিয়া (দেখি)। 

CLASS 9 ( নৱম শ্ৰেণী ) :  মানৱ বন্দনা SOLVED QUESTION & ANSWER ( প্ৰশ্ন উত্তৰ )

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)
Our website uses cookies to enhance your experience. Learn More
Accept !