ছাত্ৰ জীৱন আৰু সমাজসেৱা | class 10 assamese ছাত্ৰজীৱন আৰু সমাজসেৱা | ছাত্ৰজীৱন আৰু সমাজসেৱা questions answer | ছাত্ৰজীৱন আৰু সমাজসেৱা class 10 question and answer ~ easy axom

Partha Gogoi
0

CLASS 10 ( দশম শ্ৰেণী) : ছাত্ৰ জীৱন আৰু সমাজসেৱা Question Answer (প্ৰশ্ন উত্তৰ)

 
ছাত্ৰ জীৱন আৰু সমাজসেৱা প্ৰশ্ন উত্তৰ

 ছাত্ৰ জীৱন আৰু সমাজসেৱা

প্রশ্ন ১: চমুকৈ উত্তৰ দিয়া -

(ক) লিখকৰ মতে ছাত্রজীৱনৰ প্রকৃত উদ্দেশ্য কি কি ?

উত্তৰ : ছাত্রজীৱন শিক্ষাৰ সময়। গতিকে জীবন্ত সংসাৰৰ বিষয়ে শিক্ষালাভ কৰা ছাত্ৰৰ প্রকৃত উদ্দেশ্য হােৱা উচিত। ছাত্ৰসকলে জ্ঞান অর্জনতহে ধ্যান দিব লাগে।

 (খ) বর্তমান প্রচলিত শিক্ষাৰ দোষ কি কি ?

উত্তৰ: আমাৰ বর্তমান শিক্ষা কামৰ নহয়, এয়ে ইয়াৰ ঘাই দোষ। বৰ্তমান সময়ৰ শিক্ষা কেৱল কিতাপৰ পাঠতে সীমাবদ্ধ হৈ থাকে, ব্যৱহাৰিক জীৱনৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই বুলি কব পাৰি

(গ) ছাত্ৰসকলে কি কি বিষয়ৰ জ্ঞানলাভ কৰি দেশসেৱাত ব্ৰতী হ'ব লাগে ? 

উত্তৰঃ ছাত্ৰসকলে ছাত্ৰ অৱস্থাত যিমান দূৰ পৰা হয় জ্ঞানকৰী, অর্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰিব লাগিব আৰু পৰিপুষ্ট জ্ঞান আহৰণ কৰি দেশসেৱাত ব্ৰতী হ’ব লাগিব। তেওঁলােকৰ মনৰ গতি মুকলি হ’বলৈ সুবিধা দি তেওঁলােকক পােহৰলৈ ওলাবলৈ দিব লাগিব। চেঁচকৰ ডেমডেউকা কৰি ৰাখিলে নহ'ব। | 

(ঘ) ছাত্ৰসকলে কার্যকৰী শিক্ষা ক’ৰ পৰা কিদৰে লাভ কৰিব পাৰে?

উত্তৰঃ ছাত্ৰসকলে কার্যকৰী শিক্ষা জ্ঞানৰ ক্ষেত্ৰ হিচাপে গাঁৱতে নিজৰ কার্যক্ষেত্র বাছি ল'ব পাৰে। গ্রাম্য জীৱনৰ মাজত বৰ্তি থকা অন্ধসংস্কাৰ, অজ্ঞানতা দূৰ কৰি তেওঁলােকৰ মনবােৰ আধুনিক চিন্তাৰ উপযােগী কৰি তুলিব লাগিব। জ্ঞানৰ উৎকর্ষ সাধনৰ যােগেদিহে কার্যকৰী শিক্ষালাঁভ সম্ভৱ।

(ঙ) লিখকৰ মতে দেশৰ প্রকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা ? 

উত্তৰ : লিখকৰ মতে দেশৰ প্রকৃত উন্নতি মানে গাঁৱৰ উন্নতি কৰা। গাঁৱত শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া লােকসকলৰ নিজ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়া।

প্রশ্ন ২ঃ ছাত্রজীৱনৰ প্রকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছােৱাত কোনবােৰ পন্থা অবলম্বন কৰিব পাৰে? দেশ সেৱাত ব্ৰতী হ’বলৈ ছাত্রজীৱনত বহুমুখী শিক্ষাৰ প্ৰয়ােজনীয়তা সম্বন্ধে আলােচনা কৰা ।

উত্তৰ : একাগ্রতা শিক্ষা জীৱনৰ সফলতাৰ ঘাই মন্ত্র। অধ্যয়নৰ সময়ত শিক্ষার্থী মনৰ গতি একমুখী হ’ব লাগিব। বহুমুখী হলে ছাত্ৰৰ একাগ্রতাত ব্যাঘাত জন্মে আৰু অধ্যয়নত সফলতা লাভ কৰাটো সম্ভৱ নহয়। তেওঁলােকে ঘৰুৱা জঞ্জাল কিছুমানত বেছিকৈ মনােনিবেশ কৰিলে নিজৰ অধ্যয়ন অনুশীলনত ব্যাঘাত জন্মিব পাৰে। তেওঁলােকে জ্ঞান অর্জনৰ দিশটোত অধিক গুৰুত্ব দিব লাগে।

            ছাত্ৰসকলে ছাত্রজীৱনৰ সীমাত থাকিয়েই দেশৰ দুর্যোগৰ সময়ত প্রৌঢ়সকলৰ কান্ধৰ ভাৰখন দাঙি ল'বলৈ সাজু হ'ব লাগিব। শিক্ষাদানৰ উদ্দেশ্য জ্ঞান অর্জনৰ দিশটো সম্পূর্ণ অটুত ৰাখি অতিৰিক্তভাবে সামাজিক দায়িত্ব পালন কৰিব লাগিব। দেশৰ ভৱিষ্যতৰ স্বাৰ্থতেই ছাত্ৰসকলে নিজৰ ব্যক্তিত বিকশাই তুলিব লাগিব। তেওঁলােকে জীৱনৰ বাবে প্রয়ােজনীয় কাযকৰী জ্ঞান লাভ কৰি দেশসেৱাৰ কাৰণে নিজকে উপযুক্ত কৰি তুলিব লাগিব। তেওঁলােকে মুকলি মনেৰে দেশৰ সেৱাৰ কাৰণে আগবাঢ়ি আহিবৰ বাবে সুযােগ আগবঢ়াই দিব লাগিব। সমাজৰ পৰা অজ্ঞান-অন্ধকাৰ, অন্ধবিশ্বাস, কুসংস্কাৰ দূৰ কৰিবৰ কাৰণে তেওঁলােকে গাঁও সমুহত জাগ্রত প্ৰহৰীৰ দৰে কাম কৰিব লাগিব। তেওঁলােকে অশিক্ষিত লােকসকলক অন্ধসংস্কাৰৰ বিষয়ে সচেতন কৰি তেওঁলােকৰ মনবােৰ মুকলি কৰিব লাগিব।

প্রশ্ন ৩ : "এইখিনি কাম তেওঁলােকৰ কাৰ্যকৰী শিক্ষাৰ একোটা পাঠ মাথােন ।" – কোনখিনি কাম তেওঁলােকৰ (ছাত্ৰ-ছাত্ৰীসকলৰ) কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ, বুজাই লিখা।

উত্তৰ: কাৰ্যকৰী শিক্ষাৰ ঠাইস্বৰূপে আমাৰ ছাত্ৰসকলে সম্প্রতি গাঁৱতে নিজৰ কাৰ্যক্ষেত্ৰ কৰি ল'ব পাৰে। এই কুৰি শতিকাৰ মাজভাগতে আমাৰ দেশত অজ্ঞানতাই নির্বিবাদে ৰাজত্ব কৰিছে, ইয়াতকৈ আৰু ধিক্কাৰৰ কথা কি হ’ব পাৰে ?

              আজিৰ স্বাধীন আৰু উন্নত দেশবােৰ তিনি চাৰিশ বছৰৰ আগেয়ে যি অৱস্থাত আছিল আমাৰ দেশৰ অধিকাংশ লােক আজিও সেই একে অৱস্থাত আছে । আমাৰ গাঁওবােৰত মাথােন আমাৰ পুৰণি সভ্যতা, শিক্ষা আৰু সাধনাৰ অলপ অৱশেষ দেখিবলৈ পােৱা যায়, কিন্ত্ত অনেক দিনৰ অজ্ঞানতাই সেই সভ্যতাক ম্লান কৰি সেই শিক্ষা আৰু সাধনাক অর্থহীন কৰি তুলিছে।

             বর্তমান গাঁওসমূহত অজ্ঞানতাৰ বশৱৰ্তী হৈ মানুহে উদৰ পূৰণকে জীৱনৰ একান্ত কর্তব্য ৰূপে বিবেচনা কৰিবলৈ লৈছে। ফলত নিজৰ পৰিয়ালৰ সদস্যৰ বাহিৰে তেওঁলােকে আনৰ মৰম নুবুজে। একথা মাটিৰ কাৰণে ভায়ে ভায়ে কাজিয়া কৰি কাছাৰী ঘৰলৈ দৌৰাদৌৰি কৰাটো অশুভ লক্ষণ। উন্নতিৰ চিন্তা নকৰি তেওঁলােকে কোনােমতে পেটেভাতে খাই থকা চিন্তাতেই মগ্ন হৈ থাকে। ফলত কুৰ্চুট- কপট ভাবে গাঁওবােৰ খুলি খুলি খাইছে। তেওঁলােকে নিজেও আগুৱাব নিবিচাৰে, আনকো আগুৱাবলৈ নিদিয়ে।

            শস্যৰ উৎপাদন বৃদ্ধি, উন্নত গাে-প্রজনন, উৎপাদন বৃদ্ধি আদিৰ যােগেদি নিজৰ পার্থিব অৱস্থা টনকিয়াল কৰাৰ চিন্তাত তেওঁলােকে মনােনিবেশ কৰা নাই । 

             লেখকে দেখুৱাইছে যে ছাত্র-ছাত্রীসকলে গাঁৱৰ নিৰক্ষৰ জনসাধাৰণক অন্ধবিশ্বাস, কসংস্কাৰ আদিৰ পৰা মুক্ত কৰি বাহিৰৰ জগতখনৰ সৈতে পৰিচয় কৰাই দিব লাগিব। মানহৰ মনৰ পৰা কুৰ্চুট ভাব দূৰ কৰিব লাগিব। নানা ধৰণৰ সদুপদেশেৰে তেওঁলােকৰ মনবােৰ বিকশাই তুলিবলৈ যত্ন কৰিব লাগিব। এনেদৰেই শিক্ষার্থীয়ে কার্যকৰী শিক্ষালাভ কৰিব পাৰে।

            পশ্চিমীয়া সভ্যতা-সংস্কৃতিৰ ফলস্বৰূপে সামাজিক জীৱন পদ্ধতিলৈ অহা নিত্য নতন পৰিৱেশ পৰিস্থিতিৰ বিৰুদ্ধে নিৰক্ষৰ জনসাধাৰণক সচেতন কৰি দি স্বাস্থ্যসন্মত আৰু গতিশীল জীৱনবােধৰ প্রতি আগ্রহী কৰি তােলাত ছাত্ৰসকলে কার্যকৰী ভূমিকা গ্ৰহণ কৰিব পাৰে।

 ছাত্ৰ জীৱন আৰু সমাজসেৱা class 10  question and answer

প্ৰশ্ন ৪ : আমাৰ দেশৰ অধিকাংশ লােক আজিও কেনে অৱস্থাত আছে পাঠটোৰ আমাৰ দেশৰ অধিকাংশ লােক আজিও অজ্ঞানতাৰ আন্ধাৰত ডুৰ গৈ আছে। 

উত্তৰঃ আমাৰ দেশৰ অধিকাংশ লােক আজিও অজ্ঞনাতৰ আন্ধাৰত ডুব গৈ আছে । গাঁওবোৰত মাথান পুৰণি সভ্যতা, শিক্ষা আৰু সাধনাৰ অলপ অৱশেষ দেখিবলৈ পােৱা যায়, কিন্ত্ত অনেক দিনৰ অজ্ঞতাই সেই সভ্যতাক অসভ্যতা, সেই শিক্ষণক অশিক্ষা আৰু সেই সাধনাক কপটতাত পৰিণত কৰিছে। আজি গাঁও অজ্ঞানতা আৰু কু-সংস্কাৰৰ লীলাভূমি। গাহৰিৰ দৰে পেট পুহি থকাটোকে জীৱনৰ লক্ষ্য বুলি ভাবিছে। নিজৰ ঘৈণী আৰু ল'ৰাছােৱালীৰ বাহিৰে আনৰ মৰম নুবুজে, এচিকটা মাটিৰ কাৰণে ভায়ে ভায়ে কটাকটি, মৰামৰি হৈছে। বহুতেই কানি, ভাং, মদ আদিত মজি আছে। চাৰিওফালে দেশত কত কি কি ঘটিছে ক'ব নােৱাৰে ।

প্রশ্ন ৫ : ‘গাঁও একেধাৰে নগৰৰ জনক-জননী’– কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা। 

উত্তৰ : গাঁও একেধাৰে নগৰৰ জনক-জননী। কাৰণ গাঁৱেই মাতৃৰূপে নগৰক জন্ম দি পিতৃৰূপে পালন কৰিছে। গাঁৱৰ মানুহেই শিক্ষিত, ধনী-মানি হৈ নগৰ সৃষ্টি কৰে, নগৰত সকলাে সা-সুবিধা, ব্যৱস্থা আদি কৰি লয়। আনহাতে গাঁৱৰ মানুহেই খেতি-বাতি কৰি, গৰু-গাই পহি নানা খাদ্যসভাৰ নগৰক যােগান ধৰি লালন-পালন কৰে। সেই কাৰণে গাঁৱক একেধাৰে নগৰৰ জনক-জননী অর্থাৎ পিতৃ-মাতৃ বুলি কোৱা হয়।

প্রশ্ন ৬ : ব্যাখ্যা কৰা : 

(ক) পঢ়াই, পঢ়ে, ৰাৱে পাণ

    এই তিনিয়ে নিশ্চিন্তে আন।

উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগ বিৰচিত ‘ছাত্রজীৱন আৰু সমাজসেৱা’ শীর্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।

            উদ্ধৃতনীতি বচনটোত 'পঢ়া' শব্দটোৱে কেৱল কিতাপৰ পৰা দুটামান পাঠ আওৰােৱাকে বুজোৱা নাই। ইয়াত পঢ়া শব্দই শিক্ষালাভ কৰা কথাক বুজাইছে। পঢ়োৱাসকল হৈছে শিক্ষক। তেওঁলােকো ছাত্রক পঢ়াবৰ কাৰণে নিয়মিত অধ্যয়ন কৰিব লাগিব। অধ্যয়ন আৰু অনুশীলনৰ ধাৰাবাহিকতাই শিক্ষকসকলক জ্ঞানদানৰ কাৰণে প্রস্তুত কৰাৰ লগে লগে শিক্ষার্থীৰ সন্দেহ ভংঙাত সহায় কৰে। ৰােৱা পাণ’ অর্থাৎ খেতিয়কসকলেও নিষ্ঠাৰে কাযকর্মত আত্মনিয়ােগ কৰিব লাগিব। তেতিয়াহে দেশৰ অর্থনৈতিক ভেটি টনকিয়াল হʼব। ছাত্ৰসকলে এনেদৰে অধ্যয়ন বাদ দি ঘৰুৱা জঞ্জাল কিছুমান মূৰ পাতি ল'লে অথবা বাহিৰৰ কোলাহলত মন দিলে এক প্রকাৰে পঢ়া-শুনা কৰিব নােৱাৰে। ছাত্ৰসকলৰ মনৰ গতী একমুখী হ'লেহে প্ৰকত শিক্ষালাভ সম্ভৱ। অনুৰূপভাৱে শিক্ষক আৰু কৃষকসকলেও চিন্তাৰ পৰা মুক্ত হৈ নিজ নিজ কর্তব্যত অগ্ৰসৰ হ'ব লাগিব।

(খ) কমাৰশালত গঢ়িবলৈ হ'লে আগতে জুইশালত গঢ়ি চাব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হলে পানীত ননমাকৈ নহয়। 

উত্তৰ : উদ্ধত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগৰ ‘ছাত্রজীবন আৰু সমাজসেৱা’ শীর্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।

            ছাত্রজীৱনৰ শিক্ষা দৰাচলতে জীৱন্ত সংসাৰৰ বিষয়ে শিক্ষা। কমাৰশালত গঢ়িবলৈ হলে আগতে জুইশালত গঢ়ি চাব লাগিব। কাৰণ কমাৰশালত কঠোৰতা আৰু কঠিনতাৰ মুখামুখি হ’ব পৰাকৈ জুইশালতেই প্ৰাৰম্ভিক ধৈৰ্য্য, কষ্টসহিষ্ণুতা আহৰণ কৰিব লাগিব। তেতিয়াহে কঠিন কামলৈ অগ্ৰসৰ হ’ব পাৰিব। শিক্ষার্থীসকলে চাই চাই কোনাে শিক্ষা লাভ কৰিব নােৱাৰে। শিক্ষালাভৰ কাৰণে ব্যৱহাৰিক জ্ঞান লাভ কৰিবই লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ'লে যেনেকৈ পানীত নমা আৱশ্যক, তেনেদৰে দূৰৈৰ পৰা চাই কোনাে ধৰণৰ শিক্ষালাভ সম্ভৱ নহয়। বাস্তৱৰ ধৰাতললৈ নামি আহিবই লাগিব।

(গ) এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পিছত ফল হৈ মাতৃপূজাত লাগে। কাইট-কলিতে এইসকলৰ পূজাৰ উপাচাৰ স্বৰূপে মাতৃয়ে গ্রহণ নকৰে।  

উত্তৰ: উদ্ধত বাক্যাংশ আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগ, বিৰচিত ‘ছাত্রজীৱন আৰু সমাজসেৱা’ শীর্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।

            ছাত্ৰসকলে নিজৰ সিমাবদ্ধতা সম্পর্কে সতর্ক হৈ কামত অগ্ৰসৰ হ'ব লাগিব। ছাত্ৰসকলেই হৈছে দেশৰ ভৱিষ্যৎ, আশা ভৰসাৰ কলি। এই কলি সময়ত বিকশিত হৈ প্রথমে ফুল আৰু তাৰ পিছত ফল হৈ মাতৃপূজাত লাগে। পূজাৰ কাৰণে যেনেদৰে ফুলৰ কলিৰ প্রয়ােজন নহয়, ঠিক তেনেদৰে পৰিপক্ক জ্ঞান লাভ নকৰাকৈ ছাত্ৰসকলেও দেশৰ বিশেষ উন্নতি কৰিব নােৱাৰে। জ্ঞানবৃক্ষৰ কলিসমূহ পত্রে- পুষ্পে বিকশিত হৈ ফলত পৰিণত হ'লেহে সেই ফুল আৰু ফল দেৱতাৰ পূজাত অৰ্পিত হয়। দেশসেৱাৰ কাৰণে ছাত্ৰসকলেও নিজৰ জ্ঞান বিকশাই তুলিব লাগিব। যেনেদৰে মাতৃয়ে কাইট-কলিতে পূজাৰ উপাচাৰ গ্ৰহণ নকৰে, তেনেদৰে ছাত্ৰসকলেও দেশসেৱাৰ কাৰণে জ্ঞানকৰী, কার্যকৰী জ্ঞান আহৰণ কৰি লােৱাটো বাঞ্ছনীয়। মুঠতে ছাত্ৰসকলে নিজকে দেশসেৱাৰ কাৰণে উপযুক্ত ৰূপে গঢ়ি তুলিবৰ কাৰণে উপযুক্ত জ্ঞান আহৰণ কৰিব লাগিব আৰু সেয়া অধ্যয়ন আৰু অনুশীলনৰ যােগেদিহে সম্ভৱ ।

ছাত্ৰ জীৱন আৰু সমাজসেৱা class 10 question answer

 (ঘ) নৰ সেৱাই প্রকৃত নাৰায়ণ সেৱা ।

উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য-সুবাস’ৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগৰ ‘ছাত্র-জীৱন আৰু সমাজসেৱা’ শীর্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে। 

ছাত্ৰসকেলে গাঁৱত সােমাই নিজ ঘৰে-ঘৰে গাঁৱৰ অশিক্ষিত লােকসকলক ককাই, দদাই বা দেউতা বুলি সম্বােধন কৰি তেওঁলােকক নিজ অৱস্থাৰ কথা চকুৰ আগত দাঙি ধৰি চক মুকলি কৰিব লাগিব, বাতৰি কাকত আৰু জ্ঞান আৰু জগতৰ বাতৰি থকা পুথি পঢ়ি তেওলােকৰ অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব, তেওঁলােকৰ মাজৰ পৰা কৰ্চুট-কপট গুচাবলৈ চাব লাগিব, গাঁৱত কোনাে নৰীয়া আদি হলে উপদেশেৰে বা  আন উপায়েৰে সহায় কৰিব লাগিব, উপদেশেৰে আৰু উদাহৰণেৰে নিজৰ ঘৰ আৰু গাঁওখন একোখন আদর্শ গাও কৰিবলৈ চাব লাগিব। প্রকৃততে দেশৰ উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা, গাৱত শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া লােকসকলক নিজ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়া। পশ্চিমৰ শিক্ষা আৰু সভ্যতাৰ লগত এটি পৱিত্র সাম্য ভাবৰ ঢৌ আহিছে, সেই সাম্যভাব এতিয়া সকলােৱে প্ৰচাৰ কৰিব লাগিব। খােৱা-লােৱা, থকা-মেলা সকলাে বিষয়ে যে গৰ-পহুৰ জীৱনতকৈ মানহৰ জীৱন বহু ওখ ভাৱে নিয়াব লাগে সেই কথাও দেখুৱাব লাগিব। এনেবােৰেই ছাত্ৰসকলৰ আহৰি সময়ৰ উপযুক্ত বন আৰু কাৰ্যকৰী দেশ সেৱাৰ শিক্ষা হ'ব। এই সমাজ সেৱা আৰু দেশ সেৱাৰ শিক্ষাই প্রকৃত শিক্ষা। এই নৰ সেৱাই প্রকৃত নাৰায়ণ সেৱা।

 

ভাষা বিষয়কঃ

প্রশ্ন ১ :  বিপৰীত শব্দ লিখা।

নিষ্কর্মা - কর্মী

ত্রুটী - ক্রটীহীন

সহযােগিতা - প্রতিযােগিতা

দেশহিতৈষীতা - দেশদ্রোহীতা

প্রৌঢ় - অপ্রৌঢ়


প্রশ্ন ২: সমার্থক শব্দ লিখা। 

কার্যকৰী - কার্যক্ষম

প্রকত - আচল

সাম্য - সমান

আনমনা - অন্যমনস্ক

অর্থকৰী - মূল্যৱান

দুর্দিন - বেয়াদিন

কাপ - কলম

কাকত - কাগজ

 

 প্রশ্ন ৩ঃ বাক্য ৰচনা কৰাঃ

নীতি-বচনঃ মহৎ লােকৰ নীতি-বচন মানি চলিব লাগে ।

কাপ-কাকতঃ শিক্ষকে পাঠদান কৰাৰ সময়ত কাপ-কাকত সাজু কৰি ৰাখিব লাগে ।

কুৰ্চুত-কপটঃ অন্তৰত কাৰােবাৰ প্রতি কুৰ্চুত-কপট ভাব ৰাখিব নালাগে । 

জনক-জননীঃ গাঁও একেধাৰে নগৰৰ জনক-জননী

লােণ-তেলঃ লােণ-তেল কণেহে ভাতৰ জুতি বঢ়ায় ।

 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)
Our website uses cookies to enhance your experience. Learn More
Accept !