অৰুণিমা সিনহা | অৰুণিমা সিনহা class 10 | class 10 অৰুণিমা সিনহা | অৰুণিমা সিনহা class 10 question answer | অৰুণিমা সিনহা দশম শ্ৰেণী | class 10 lesson 11 question answer ~ easy axom

Partha Gogoi
0

CLASS 10 ASSAMESE : অৰুণিমা সিনহাৰ Question Answer (প্রশ্ন উত্তৰ)

অৰুণিমা সিনহা question answer by easy axom

অৰুণিমা সিনহা

প্রশ্ন ১। চমু উত্তৰ দিয়া -

(ক) অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল ?

উত্তৰঃ ভলীবল খেলত অৰুণিমা সিনহাৰ বিশেষ দক্ষতা আছিল

(খ) অৰুণিমা সিনহাৰ ঘৰ ক?

উত্তৰঃ অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত ।

(গ) হস্পিতালত থাকোতে অৰুণিমাৰ মনত কি সপােনে তীব্র ৰূপ লৈছিল ?

উত্তৰঃ হিমালয় শৃংগলৈ উঠাৰ সপােনে অৰুণিমাৰ মনত সপােনে তীব্র ৰূপ লৈছিল

(ঘ) চিকিৎসালয়ৰ পৰা ওলাই গৈ অণিমাই কাক আৰু কিয় লগ ধৰিছিল ?

উত্তৰঃ এভাৰেষ্ট বিজয়ী বাচেন্দ্রি পালক লগ ধৰিছিল, এভাৰেষ্ট শৃংগ আৰােহণৰ প্রশিক্ষণ লবৰ বাবে।

(ঙ) মাউন্ট এভাৰেষ্টত অৰুণিমই কেতিয়া আৰােহণ কৰিছিল ? তেওঁ তাত কিমান সময় আছিল ?

উত্তৰঃ অৰুণিমই মাউন্ট এভাৰেষ্টত ২০১৩ চনৰ ২১মেতাৰিেখ আৰােহণ কৰিছিল আৰু তাত তেওঁ ডেৰঘণ্টা সময় আছিল।

প্রশ্ন ৩। অৰুণিমাৰ সপােন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্রি পালে কেনেদৰে সহায় কৰিছিল ?

উত্তৰঃ কৰণভাৱে আঘাতপ্রাপ্ত হৈ হস্পিতালৰ বিছনাত শুই থাকোতে অৰুণিমা সিনহাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপােন জাগি উঠিছিল। তেওঁ দুর্ঘটনাত এখন ভৰি চিৰদিনৰ কাৰণে হেৰুৱাই কৃত্রিম ভৰি ল'বলগীয়া হৈছে আৰু আনখন ভৰিত লােৰ ৰড সুমুৱাই তাৰ সহায়ত চলা-ফুৰা কৰাৰ ব্যৱস্থা কৰা হৈছে। তথাপি এনে অৱস্থাতাে অৰুণিমাই নিজৰ সপােন পুৰাবলৈ হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ এভাৰেষ্ট বিজয়ী বাচেন্দ্রি পালৰ ওচৰ পালেগৈ । বাচেন্দ্রি পালে তেওঁৰ সকলাে কথা সহমর্মিতাৰে শুনিলে। ছােৱালীজনীৰ দুচকুৰ সপােন, প্রত্যাহান আৰু আত্মবিশ্বাসৰ ভাবে তেওঁৰ মনতাে বিশ্বাস জগালে যে সঠিক প্রশিক্ষণ আৰু সাহস পালে এইগৰাকী ছােৱালীয়ে নিশ্চয় এদিন তাইৰ সপােন পুৰণ কৰিব পাৰিব। তেওঁৰ আকাংক্ষা দেখি বহুজনে এনে কৃত্রিম ভৰিৰে, এই দুৰুহ কাম নকৰিবলৈ পৰামর্শ দিছিল যদিও তেওঁ দমি নগল। তেওঁ দুচকুত হেজাৰ সপােন লৈ বাচেন্দ্রি পালৰ পৰামর্শক্রমে উত্তৰ কাশীত থকা ইকো এভাষ্টে এক্সপেডিচন গ্রুপত যােগদান কৰিলেগৈ। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে চলােৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়িনী বাচেদ্রি পালৰ তত্ত্বাৱধানত অনুশীলন চলিল। প্রায় এবছৰকাল একেলেথাৰিয়ে বাচেন্দ্রি পালৰ তত্ত্বাবধানত উৎসাহ-উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি ৰুণিমাই অনুশীলনত আত্মসমর্পণ কৰিছিল।

 অসমৰ জনগোষ্ঠীয় গাঁথনি আৰু সংস্কৃতি প্রশ্ন উত্তৰ

 প্রশ্ন ৪। এভাৰেষ্ট বিজয়ৰ সপােন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল

উত্তৰঃ এভাৰেষ্ট বিজয়ৰ সপােন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ এভাৰেষ্ট বিজয়িনী বাচেন্দ্রি পালৰ ওচৰ পালেগৈ। অৰুণিমাৰ মনােবল, সাহস আৰু এখন ভৰিত কৃত্রিমভাৱে লগােৱা আৰু আনখন লােৰ ৰড় লগােৱা ভৰিৰ কথা জানি মানুহজনীক বাচেন্দ্রি পালে সহায় কৰিবলৈ গাত ললে। তেওঁৰ পৰামর্শমতেই অৰুণিমাই উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিচন গ্রুপত যােগদান কৰিলগৈ। তাত বাচেন্দ্রি পালৰ তত্ত্বাৱধানত তেওঁ অনুশীলন আৰম্ভ কৰিলে ।

      শাৰীৰিক, মানসিক দুয়াে দিশতে দৃঢ়তা আৰু অধ্যাৱসায়ৰ জোৰত ভৰিখন হেৰুৱাৰ দুর্ভাগ্যক অৰুণিমাই সৌভাগ্য বুলি লৈ নিজৰ কায্যত উঠি-পৰি লাগিছিল। তেওঁ প্রায় এবছৰ কাল একেলেথাৰিয়ে উৎসাহ-উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলন আত্মসমর্পণ কৰিছিল। কেতিয়াবা এনেকুৱাও হৈছিল যে আন স্বাভাৱিক মানুহে যিটো খােজ দিওঁতে দুই মিনিটতে শিকিব পাৰে, তেওঁৰ ক্ষেত্ৰত সেয়া তিনি ঘণ্টাও লাগিছিল। তথাপি আশা এৰি দিয়া নাছিল অৰুণিমাই।

প্রশ্ন ৫৷ অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ অভিযান সম্পূর্ণ কৰিব নােৱাৰিলে?

উত্তৰঃ লাড়াখত থকা মাউন্ট চামছেৰ কাংৰিৰ উচ্চতম শিখৰৰ উচ্চতা আছিল ২১,৭৯৮ফুট। অৰুণিমাক এই অভিযানত সহায় কৰা শ্বেৰপাজনে তেওঁৰ তেজেৰে লুতুৰি পুতুৰি হােৱা ভৰি দুখনৰ অৱস্থা দেখি নিজৰ প্রাণ বচাবলৈ উভতি যাবলৈ পৰামর্শ দিছিল যদিও অৰুণিমাই কোনাে কথা নামানি চেষ্টা অব্যাহত ৰাখিলে। বহু কষ্টৰ মূৰত অৱশেষত অৰুণিমাই লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈহে মাত্র আৰােহণ কৰিবলৈ সক্ষম হল। সেই সময়ত বতৰ অত্যন্তভাৱে প্রতিকূল অৱস্থাত আছিল। বতৰৰ এনে প্রতিকূল অৱস্থাৰ কাৰণেই লাডাখত থকা এই মাউন্ট চামছেৰ কাংৰিৰ অভিযান অৰুণিমাই সম্পূর্ণ কৰিব নােৱাৰিলে।

প্রশ্ন ৬। অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বর্ণনা দিয়া।

উত্তৰঃ এভাৰেষ্ট অভিযানৰ আগতে লাড়াখত থকা মাউন্ট চামছেৰ কাংৰি অভিযানত ব্যর্থ হলেও অৰুণিমাৰ এভাৰেষ্ট বিজয়ৰ সপােন ভাগি যােৱা নাছিল। এইবাৰ নতুন উদ্যম আৰু মনােবলেৰে মাউন্ট এভাৰেষ্ট বগাবলৈ সাজু হল অৰুণিমা । মাউন্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তােলাৰ, ভিডিঅৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনােৱাৰ অভিপ্রায়েৰে দটা কেমেৰা লগত লৈ গৈছিল আৰু লগতে পানী আৰু অক্সিজেন লৈ গৈছিল চাৰি নং কেম্প পাওঁতে দুয়ােখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল। লগত নিয়া অক্সিজেনো প্রায় শেষ হও হও হৈছিলগৈ। লগত যােৱা শ্বেৰপাজনে অৰুণিমাক বাৰে বাৰে সকীয়াই দিছিল যে যিকোনাে মুহূর্ততে লগত নিয়া অক্সিজেন শেষ হৈ যাব পাৰে। তেতীয়া মৃত্যু নিশ্চিত। পিছে কোনাে সকীয়নিকে মন নকৰি তেওঁ আগুৱাই গৈ থাকিল।

বাটত যাওঁতে তেওঁ আঁঠু দুটাৰ পৰা নিগৰি অহা তেজবােৰ ৰুমালেৰে মচি গৈ থাকোঁতে বহুতে অভিযাত্রীৰ মৃতদেহ দেখা পাইছিল। কিন্ত্ত একোৱে তেওঁক নিৰস্ত কৰিব পৰা নাছিলপ্ৰচণ্ড পৰিশ্ৰম, অদম্য মনােবল আৰু কষ্ট সহিষ্ণুতাৰ ফল অৱশেষত তেওঁ পালে। যাত্রা কৰাৰ দিনৰ অন্তত নিশা প্রায় ৮ বজাত অৰুণিমাই ৮৮৪৮ মিটাৰ উচ্চতাত অৱস্থিত মাউন্ট এভাৰেষ্ট শৃংগত পদার্পণ কৰিবলৈ সমৰ্থ হ'ল। তেওঁৰ অক্সিজেন শেষ হ'বলগীয়া হৈছিল। লগত যােৱা শ্বেৰপাজনক মাউন্ট এভাৰেষ্টৰ শিখৰত থিয় হৈ থকা অৱস্থাত তেওঁৰ ফটো আৰু ভিডিঅ'বলৈ অনুৰােধ কৰিলে। সপােন পূৰ হােৱাৰ আনন্দত তেওঁ সেই শিখৰত প্রায় ডেৰঘণ্টা সময় আছিল। অৰুণিমই মাউন্ট এভাৰেষ্টত ২০১৩ চনৰ ২১মেতাৰিেখ আৰােহণ কৰিছিল ।

ভাৰতীয় সংস্কৃতিৰ Question Answer (প্রশ্ন উত্তৰ)

 প্রশ্ন ৭। একোগৰাকী ব্যক্তিয়ে নিজৰ প্রতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বুজাই লিখা

উত্তৰঃ ভিন ভিন সময় আৰু ভিন ভিন পৰিৱেশত একোগৰাকী ব্যক্তিয়ে নিজৰ প্রতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে, এই কথা অসীম সাহস, ধৈর্য, কষ্ট সহিষ্ণু, প্রত্যাহান আৰু আত্মপ্রত্যয়ৰ প্রতীক অৰুণিমাৰ বিস্ময়কৰ কৰ্মজীৱনে সঁচা প্রমাণিত কৰিছে।

      ইতিমধ্যে নিজৰ কঠোৰ শ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে ভলীবলৰ এগৰাকী ৰাষ্টীয় পৰ্যায়ৰ সুদক্ষ খেলুৱৈ হিচাপে সুনাম অর্জন কৰি ভাৰতৰ সকলো মহিলাৰ অন্তৰত প্ৰেৰণা যােগাইছে যে নাৰীয়ে সকলাে খেলতে চেষ্টা কৰিলে একোটা আদর্শ হৈ পৰিব পাৰে। পিছত এটা ৰেলযাত্ৰাত এক ভয়ংকৰ পৰিস্থিতিত পৰি দুৰ্ঘটনাত এইগৰাকী প্রতিভাবান নাৰীয়ে নিজৰ এখন ভৰি চিৰকালৰ কাৰণে হেৰুৱাবলগীয়া হয়। আনখন ভৰিতাে লােৰ ৰড লগােৱা হৈছিল। এখন ভৰিত কৃত্রিম ভৰি লগােৱা আনখনাে বাৰুকৈয়ে ঘুণীয়া হােৱা অৱস্হাত অৰুণিমা সিনহাই এক অবিশ্বাস্য সপােন দেখিছিলহিমালয়ৰ মাউন্ট এভাৰেষ্ট শৃংগ জয় কৰাৰ। বহুতৰ হাক বচন আৰু এনে ভৰিৰে পৰ্বত বগােৱাটো অসম্ভৱ বুলি কৰা মন্তব্যই অৰুণিমাৰ মন দমাব নােৱাৰিলে। আনকি এভাৰেষ্ট বিজয়িনী বাচেন্দ্রি পালেও এভাৰেষ্ট অভিযান কিমান দুৰুহ অভিযান এই কথা তেওঁক বুজায়াে অৰুণিমাক টলাব নােৱাৰিলে। অৱশেষত তেওঁৰ সাহস, আত্মপ্রত্যয় আৰু মনােবল দেখি বাচেন্দ্রি পালে অনুশীলনত সহযােগ কৰিলে, প্রশিক্ষণ দিলে আৰু অৱশেষত এভাৰেষ্ট যাত্ৰাত হােৱা নানান কষ্ট, অসুবিধা, দুয়ােখন ভৰিৰে তেজ নিগৰি ওলােৱা অৱস্থাতে ৫২ দিনৰ অন্তত অণিমাই এভাৰেষ্টৰ শিখৰত মূৰ দাঙি থিয় দি বিজয় নিচান উৰুৱাত গােটেই বিশ্ববাসী আচৰিত হােৱাৰ লগতে অসীম প্রেৰণা লাভ কৰিলে। পংগু হৈয়াে যে মনােবল, সাহস আত্মপ্রত্যয়, কঠোৰ শ্ৰম কৰাৰ মানসিকতা থাকিলে পৃথিৱীত কৰিব নােৱাৰা কোনাে কাম নাথাকে, এই কথা অৰুণিমাই প্রমাণ কৰিলেযিদৰে বিশেষ অক্ষম ব্যক্তি হৈয়াে ষ্টিফেন হকিঙে এগৰাকী বিখ্যাত বিজ্ঞানী হিচাপে পৃথিৱীবাসীক চমৎকৃত কৰিছে। অৰুণিমা সিনহা, ষ্টিফেন হকিং আদিৰ দৰে ব্যক্তিয়ে নিজৰ প্রতিভাৰে যুগে যুগে সকলােকে এনেদৰে প্রেৰণা দি আহিছে।

 অৰুণিমা সিনহা class 10 question answer

প্রশ্ন ৮। ক্রিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্রাণিত কৰিছিল?

উত্তৰঃ পংগু অৱস্থাতাে অণিমা সিনহাৰ এভাৰেষ্ট জয় কৰাৰ আকাংক্ষা তীব্রতৰ হৈ উঠা কালছােৱাত তেওঁৰ মনােবল বঢ়াই লক্ষ্যত উপনীত হােৱাৰ বাবে আগবাঢ়ি যােৱাত প্রখ্যাত ক্রিকেটাৰ যুৱৰাজ সিঙেও অণিমাক অনুপ্রাণিত কৰিছিল। কৰ্কট ৰােগত আক্রান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰােগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হােৱাটো অৰুণিমাই দেখিবলৈ পাইছিল। যুৱৰাজে দেখুৱাই দিছিল মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনাে প্রতিৰােধৰ সৃষ্টি কৰিব নােৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটতাে ই হেঙাৰ হব নােৱাৰে। ক্রিকেটাৰ যুৱৰাজ সিঙৰ এই কথাই অৰুণিমাক ভীষণভাৱে অনুপ্রাণিত কৰিছিল।

প্রশ্ন ৯। চমু টোকা লিখা

বাচেন্দ্রি পালঃ 

ভাৰতৰ নকুৰী নামৰ ঠাইত ১৯৫৪ চনৰ ২৪ মে তাৰিখে বাচেন্দ্রি পালৰ জন্ম হৈছিল। বাচেন্দ্রি পাল হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউন্ট এভাৰেষ্ট বিজয়িনী। ১৯৮৪ চনত বাচেন্দ্রি পালে মাউন্ট এভাৰেষ্ট শৃংগ আৰােহণ কৰিছিল। বর্তমান বাচেন্দ্রি পাল টাটা ষ্টীল এডভেঞ্চাৰ-ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত পর্বত আৰােহণ অনুশীলন কেম্পৰ এগৰাকী প্রশিক্ষক তথা নির্দেশক।

টেনজিং নৰগে 

টেনজিং নৰগে ভাৰতত জন্ম হয় ১৯১৪ চনৰ ২৯ মে তাৰিখে। টেনজিং নৰগে সাধাৰণতে চেৰপা টেনজিং নামেৰেই জনাজাত আছিল। ইংৰাজ পর্বতাৰােহণকাৰী এডমাণ্ড হিলাৰীৰ সৈতে তেওঁ ১৯৫৩ চনৰ ২৯ মেতাৰিখে হিমালয়ৰ মাউন্ট এভাৰেষ্ট শৃংগ জয় কৰে। তেৱেঁই প্রথমগৰাকী ভাৰতীয় মাউন্ট এভাৰেষ্ট শৃংগ আৰােহণকাৰী। ইয়াৰ বাবে তেওঁ ভাৰত চৰকাৰ আৰু বিশ্ববাসীৰ পৰা বহুতাে আদৰ সন্মান পায়। ১৯৮৬ চনৰ ৯ মেতাৰিখে দার্জিলিঙত টেনজিং নৰগেৰ দেহাৱসান ঘটে।

ষ্টিফেন হকিংঃ 

 ১৯৪২ চনৰ ৮ জানুৱাৰীত ইংলণ্ডেত জন্মগ্রহণ কৰা ষ্টিফেন হকিং এগৰাকী পৃথিৱী বিখ্যাত বিজ্ঞানী আছিল । অতি মেধাশক্তিসম্পন্ন পদার্থ বিজ্ঞানীজনে গোটেই জীৱন ধৰি এটা অসহনীয় পংগু জীৱন কটাবলগীয়া হৈছিল যদিও তেনেকৈয়ে তেওঁ গৱেষণাৰ কামত অহৰহ ব্যস্ত আছিল। চকা লগােৱা আসনতেই পৃথিৱীৰ বিভিন্ন ঠাইলৈও গৈ তেওঁ বিজ্ঞানভিত্তিক আলােচনা আদিত যােগদান কৰিছিল। ২০১৮ চনৰ ২৪ মার্চ তাৰিখে এইজনা বিজ্ঞানীৰ দেহাৱসান ঘটে।

প্রশ্ন ১০। সন্ধি ভাঙাঃ

সংশয় = সম + শয়

পর্বতাৰােহণ = পর্বত + আৰােহণ

হিমালয় = হিম + আলয়

প্রত্যাহান = প্রতি + আহ্বান

বিপদাপন্ন = বিপদ + আপন্ন

প্রশ্ন১১। উপসর্গ ভাঙি দেখুওৱা। 

অনুৰাগ = অনু + ৰাগ।

অনুভৱ = অনু + ভৱ 

অভিনয় = অভি + নয়

প্রতিফল = প্রতি + ফল

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)
Our website uses cookies to enhance your experience. Learn More
Accept !