অসমৰ জনগোষ্ঠীয় গাঁথনি আৰু সংস্কৃতি | অসমৰ জনগোষ্ঠীয় গাঁথনি আৰু সংস্কৃতি প্রশ্ন উত্তৰ | class 10 assamese অসমৰ জনগোষ্ঠীয় গাঁথনি আৰু সংস্কৃতি question answer ~ easy axom

Partha Gogoi
0

 CLASS 10: অসমৰ জনগোষ্ঠীয় গাঁথনি আৰু সংস্কৃতি Question & Answer (প্রশ্ন উত্তৰ )


অসমৰ জনগোষ্ঠীয় গাঁথনি আৰু সংস্কৃতি

প্রশ্ন ১। অতি চমু উত্তৰ লিখা।

 (ক) ত্রয়ােদশ শতিকাত অসমলৈ অহা বহিৰাগত গােষ্ঠী কোনটো?

উত্তৰঃ আহােম আৰু মুছলমান গােষ্ঠীৰ লােকসকলে ত্রয়ােদশ শতিকাত অসমত প্রবেশ কৰে। 

(খ) প্রাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল? 

উত্তৰঃ প্রাচীন কালৰে পৰা হিন্দুৰ তান্ত্রিক ধর্ম আৰু বৌদ্ধ ধর্ম প্রচালিত আছিল। আহােমসকলে অসমত দীর্ঘদিন ধৰি থকাৰ পাছত হিন্দুধর্ম গ্রহণ কৰি নিজস্ব কৃষ্টি-সংস্কৃতি প্রায় পৰিত্যাগ কৰে। সমগ্র অসম দেশখনেই যাদুবিদ্যা আৰু মন্ত্র তথা ইন্দ্রজালিক বিদায় কাৰণে প্রাচীন কালৰে পৰা প্রসিদ্ধ আছিল। 

(গ) কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? 

উত্তৰঃ ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে। 

(ঘ) সকলােকে বান্ধি থােৱা এনাজৰীডাল কি আছিল ? 

উত্তৰঃ সকলােকে বান্ধি থােৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। এই ভাষাৰ এনাজৰীয়ে মেঘালয়, নগালেণ্ড আৰু অৰুণাচলকো বান্ধি ৰাখিছিল। 

(ঙ) অসমৰ মঙ্গোলীয় গােষ্ঠীৰ লােক কোনবিলাক? 

উত্তৰঃ আহােমসকল আৰু তেওঁলােকৰ বিভিন্ন ফৈদ যেনে তাই-ফাকে, তাই-আইতন, তাই খামেয়াং ইত্যাদি। 

প্রশ্ন ২। চমু উত্তৰ লিখা। 

(ক) অসমীয়া জনগােষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? 

উত্তৰঃ ঘাইকৈ কছাৰী, চুটীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়াে, তিৱা, কাৰ্বি, প্রভৃতিয়েই আছিল মূলতে অসমীয়া জনগােষ্ঠীৰ ধাৰক আৰু বাহক। মংগােলীয় জনগােষ্ঠীৰ আগমনৰ আগতে এওঁলােকেই আছিল অসমৰ স্থায়ী বাসিন্দা। 

(খ) কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল ?

উত্তৰঃ ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমত অসমীয়াৰ ঠাইত বঙলা চলিছিল।।

(গ) চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰপৰা অসমলৈ আহিছিল ?

উত্তৰঃ চাওতাল, কুৰ্মী, মােছহৰ, মুণ্ডা, টেলেঙা , হাে, ভূমিজ, ওৰা, তাঁতী, লােহাৰ আদি লোকসকল আছিল অসমৰ চাহ উদ্যোগৰ কৰ্মী। এওঁলােক বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ, প্ৰভৃতি ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা অসমলৈ আহিছিল ।

(ঘ) পাঠটিত থকা খাদ্যবস্তুৰ এখনি তালিকা প্রস্তুত কৰা। 

উত্তৰঃ পৰাথা, পােলাও, কোর্মা, কোপ্তাৰ, কেক-বিস্কুট, ৰুটি, ৰসগােল্লা, লালমােহন, আদি নানা মিঠাই প্রচলনৰ কথা পাঠটিত আছে। লুচি-পুৰী, ভজা, চাম্বাৰ, ইডলি আদিও আছে। . 

প্রশ্ন ৩। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? 

উত্তৰঃ অসমৰ পুৰণি সাহিত্যৰ সমল হৈছে – অলিখিত গৰখীয়া নাম, নিচুকণি গীত, নাও খেলােৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্র সাহিত্য আৰু ডাকৰ বচন আদি। | 

প্রশ্ন ৪। অসমৰ বৈচিত্র্যপূর্ণ জনগােষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।’ – কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগােষ্ঠীৰ বৈচিত্র্যৰ কথা বর্ণনা কৰা । 

উত্তৰঃ অসম ৰাজ্য বিভিন্ন জাতি-উপজাতি আৰু জনজাতিৰ মিলনভূমি। সেইবাবেই অসমীয়া সংস্কৃতিও বৈচিত্র্যপূর্ণ। আদিতে অসম আর্য জনগােষ্ঠীৰ বসবাসৰ প্রধান কেন্দ্র আছিল। এই ঠাইত ঘাইকৈ কছাৰী, চুটীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়াে, তিৱা, কাৰ্বি আদিৰ বসতিৰ স্থান। গতিকে মূলতে অসমীয়া জনসংস্কৃতিৰ ধাৰক এইবােৰ জাতি-গােষ্ঠীয়েই আছিল। অতীতত অসম বা কামৰূপ বুলি কওঁতে এটা সময়ত অসমৰ অৰুণাচলৰ অন্তৰ্গত অকা, ডফলা, আবৰ, মিচিমি আদি জনগােষ্ঠীও পৰে। 

        অতীতৰ অসমৰ বিভিন্ন জনগােষ্ঠীৰ গাঁথনিলৈ লক্ষ্য কৰিলে দেখা যায় যে আর্য, মঙ্গোলীয়, দ্রাবিড়, অষ্টিক প্রভৃতি বিভিন্ন জনগােষ্ঠীৰ মাজত সাংস্কৃতিক আদান-প্রদান আৰু বিনিময় ঘটিছিল। অসমলৈ অহা আহােমসকলে নিজৰ পূৰ্বৰ কৃষ্টি-সংস্কৃতি পৰিহাৰ কৰি হিন্দুধর্ম আৰু নতন সংস্কতি গ্রহণ কৰিলে। তেনেদৰে চাহ জনজাতি আৰু মুছলমান সকলেও থলুৱা ৰীতি-নীতি গ্রহণ কৰি পূৰ্বৰ ৰীতি-নীতিৰ সৈতে সমিলমিলেৰে অসমীয়া সংস্কৃতিৰ বিকাশত অৰিহণা যােগালে। 

        এটা সময়ত আর্য সংস্কতিতকৈ অনার্য সংস্কৃতিহে বেছি গুৰুত্বপূৰ্ণ আছিল। এই দেশলৈ আহােম, মুছলমানকে ধৰি বিভিন্ন জনগােষ্ঠীৰ মানুহ আহিল — কোনােবাই দেশ জয় কৰিবলৈ আহিল আৰু কোনােবাই যুদ্ধবন্দী হিচাপে ৰ'ল। কোনােবাই বেপাৰ কৰিবলৈ আহি নিগাজীকৈ বহি ল'লে। কোনােবা আকৌ পূজা-পার্বণ অথবা তীর্থ সংক্রান্ত আহিল। বহুতে আকৌ ৰজাঘৰীয়া পৃষ্ঠপােষকতাত অসম দেশত নিগাজীকৈ বহিল ।

         পুৰণি কালত অসমৰ থলুৱা বাসিন্দাসকলৰ ভিতৰত কছাৰী, চুটীয়া কোচ, আদিয়ে নির্বিবাদে সকলােকে গ্রহণ কৰিলে। সকলােৱে নিজ নিজ ধর্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ল'লে। একে ভৌগােলিক পৰিবেষ্টনীত থাকি ওচৰা - উচৰিকৈ এটা সম্প্রদায় আনটো সম্প্রদায়ৰ দ্বাৰা প্ৰভাৱান্বিত হ’ল। সেই সময়ত বাহিৰৰ মানুহবােৰে যি ঠাইৰ পৰা মুলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই ভাষা-সংস্কৃতি ক্রমান্বয়ে গ্রহণ কৰিবলৈ ধৰিলে। এইয়া হল এটা সংস্কৃতিসম্পন্ন আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহ যােৱাৰ ব্যৱস্থা। এনেদৰে বাহিৰৰ পৰা উদ্দেশ্য লৈ অহা লােকসকলে অসমকেই নিজৰ দেশ বুলি গ্ৰহণ কৰি থলুৱা সংস্কৃতি, কৰি বৃহৎ অসমীয়া জাতি গঠনত অৰিহণা যােগালে। এনেদৰে বৈচিত্র্যপূর্ণ জনগাঁহ বৈচিত্র্যপূর্ণ অসমীয়া জাতি গঠনত অৰিহণা যােগালে। 

        অসমীয়া সংস্কৃতিত আহােম, মুছলমান আৰু উত্তৰ ভাৰতীয় ব্রাহ্মণ-ক্ষত্রিয়সকল সংস্কৃতিগত উপাদানৰ লগতে থাইলেণ্ড দিল্লী আৰু কনৌজৰ পৰা অহা লােকসকলে মূল ঠাইৰ সৈতে সম্পর্ক ছিন্ন কৰি এই দেশৰ ভাষা-সংস্কৃতি গ্ৰহণ কৰি বৃহত্তৰ অসমীয়া জাতি গঠনত সহায় কৰিলে। অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্যই হৈছে সমন্বয় আৰু এনে সমন্বয় ভাষা, সাহিত্য, স্থাপত্য, ভাস্কর্য, চিত্রকলা, সাজপাৰ, অলংকাৰ প্রভৃতি সকলাে দিশতে পৰিলক্ষিত হয় ।

প্রশ্ন ৫। বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লােৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল। ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে—পাঠৰ আলমত বিচাৰ কৰা।  | 

উত্তৰঃ ইয়াত চাহ-উদ্যোগ আৰু তাৰ সৈতে জড়িত চাহ জনগােষ্ঠীৰ লােকৰ কথা কোৱা হৈছে।

            অসমত চাহ উদ্যোগ প্রতিষ্ঠা হােৱাৰ লগে লগে এদল বৃত্তিয়াল শ্ৰেণীৰ খাটি খােৱা মানুহ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আহি অসমত বসবাস কৰিবলৈ ধৰিলে। বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ, উত্তৰ প্ৰদেশ প্রভৃতি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা চাওতাল, কুর্মি, মুণ্ড, মােছহৰ, ভূমিজ, ওৰা, তাঁতী, লােহাৰ আদি বিভিন্ন জাতি-জনগােষ্ঠীৰ লােকসকল আহি  অসমত নিগাজীকৈ বসতি কৰিবলৈ ধৰিলেহি। কালক্ৰমত এইসকলেই নিজৰ কৃষ্টি-সংস্কৃতি কিছু সংৰক্ষণ কৰি হ'লেও অসমীয়া মাত-কথা গ্রহণ কৰি থলুৱা লােকৰ আচাৰ-নীতি, সাজ-পাৰ গ্ৰহণ কৰি কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অঙ্গ হৈ পৰিল। কিও দেশীয় চৰকাৰে তেওঁলােকৰ শিক্ষা - দিক্ষাৰ কাৰণে কোনো সুকীয়া উদ্যোগ নোলোৱাত তেওঁলােক অনগ্রসৰ হৈয়ে ৰ'ল। অসমৰ থলুৱা সংস্কৃতিৰ সৈতে খাপ খােৱাত তেওঁলােকৰ যথেষ্ট পলম হল। বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লােৱা কাৰণেও এওঁলােক থলুৱা সংস্কৃতিৰ পৰাও আঁতৰি পৰিল।। 

পশ ৬।“এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনাে যুক্তি তর্কৰ অবকাশ নাই।”-ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে? নুই কৰাৰ কোনাে যুক্তিতর্কৰ অবকাশ নাই।' বােলা কথাষাৰৰ সত্যাসত্যতা বিচাৰ কৰা। 

উত্তৰঃ অসমীয়া সংস্কৃতিৰ সমন্বয় প্রক্রিয়াৰ বিষয়ে ক’বলৈ গৈ লেখকে উক্ত মন্তব্য কৰিছে। অসমত ব্যৱসায় বাণিজ্য, ধর্ম প্রচাৰ, দেশজয়, তীর্থভ্রমণ, পূজা-পার্বণ প্রভৃতি বিভিন্ন উদ্দেশ্য সিদ্ধি কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে থাইলেণ্ড, চীন, পাকিস্তান, পাৰস্য, ইণ্ডোনেচিয়া প্রভৃতি বিভিন্ন ঠাইৰ পৰাও মানুহ অসমলৈ আহিছে। সেই সময়ত অসমত বসবাস কৰা থলুৱা জনজাতীয় লােকসকলে সকলােকে আঁকোৱালি লৈছে। সকলােৱে আন্তৰিকতাৰে এই দেশৰ ভাষা-সংস্কৃতি গ্রহণ কৰি অসমকেই নিজৰ দেশ বুলি গ্ৰহণ কৰি বৃহৎ অসমীয়া জাতি গঢ়ি তােলাত অৰিহণা যােগাইছে। 

            ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিক অধিক কটকটীয়া কৰিছে। অসমত পর্বতে বসবাস কৰা থলুৱা জনগােষ্ঠীৰ সৈতে পৰবৰ্তী কালত প্রব্রজিত হােৱা আহােম, মুছলমান উত্তৰ ভাৰতীয় ব্রাহ্মণ আৰু ক্ষত্রিয়সকলে পূর্বৰ ঠাইৰ সৈতে সম্বন্ধ ছেদ কৰি অসমীয়া ভাষা আৰু সংস্কৃতিক আঁকোৱালি ল'লে। গতিকে অসমীয়া জাতি যে এটা সংমিশ্রিত জাতি, সেই সম্পর্কে কোনােধৰণৰ যুক্তিতর্কৰ অবকাশ থাকিব নােৱাৰে। 

            অসমত জনজাতীয় ভাষা কোৱা লােকসকলে অসমীয়া ভাষা ভালদৰে বুজি পায় । আৰু সলসলীয়াকৈ ক'ব পাৰে। তেওঁলােকে নিজৰ ভাষাৰ লগতে অন্য মানুহৰ সৈতে যােগাযােগৰ কাৰণে অসমীয়া ভাষা ব্যৱহাৰ কৰে। আনহাতে অসমৰ দাঁতিকাষৰীয়া ৰাজ্য অৰুণাচল, নগালেণ্ড, মেঘালয় প্রভৃতি ৰাজ্যৰ বাসিন্দা সকলৰাে সামূহিক ভাষা অসমীয়া। অসমলৈ পৰবৰ্তী কালত-প্রব্রজিত হােৱা সকলােবােৰ লােকেই নিজ নিজ ভাষা-সংস্কৃতি ত্যাগ কৰি অসমীয়া ভাষা আৰু সংস্কৃতি গ্ৰহণ কৰি অসম দেশকে নিজৰ জন্মভূমি বুলি গণ্য কৰিবলৈ ধৰিলে। গতিকে অসমীয়া জাতি যে এটা সংমিশ্রিত, সংস্কৃতিসম্পন্ন জাতি, সেই সম্পর্কে কোনাে সকলোৱে জানে। যুগ যুগ ধৰি আদান-প্রদান, বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ মাধ্যমেদি অসমীয়া সংস্কৃতিয়ে বর্তমানৰ ৰূপ পৰিগ্ৰহ কৰিছে। 

প্রশ্ন ৭। লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।’ – কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। 

উত্তৰঃ অসমলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতৰ বাহিৰৰ পাৰস্য, চীন, পাকিস্তান, নেপাল, বাংলাদেশ, প্রভৃতি বহিঃৰাষ্ট্ৰৰ পৰাও বিভিন্ন সময়ত মানুহ আহিছিল আৰু ইয়াত নিগাজীকৈ বসতি স্থাপন কৰিছিল। ইতিহাসৰ বিভিন্ন সময়ত অহা মঙ্গোলীয়, দ্রাবিড়, অষ্ট্রিক প্রভৃতি বিভিন্ন জনগােষ্ঠীৰ লােকৰ আদান - প্ৰদান, বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ যােগেদি বৃহৎ অসমীয়া জাতি আৰু সংস্কৃতি গঢ় লৈ উঠিছে ।

             অসমৰ থলুৱা বাসিন্দাসকলে বিভিন্ন সময়ত এই দেশলৈ অহা লােকসকলক আদৰি ললে। এনেদৰে নতুনকৈ অহা লােকসকলে একে ভােগােলিক আবেষ্টনীত ওচৰা-উচৰিকৈ থকাৰ বাবে এটা জনগােষ্ঠী আন এটাৰ দ্বাৰা প্ৰভাৱিত হ’ল। সেই সময়ত বাহিৰ পৰা অহা মানুহবােৰে মূল ঠাইৰ সৈতে সম্বন্ধ ছেদ কৰি ক্রমান্বয়ে এই দেশৰ সংস্কতি গ্রহন ধৰিলে। এইয়া হৈছে এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত যােৱাৰ ব্যৱস্থা। বাহিৰৰ পৰা অহা সকলােৱেই এই দেশখনক নিজৰ দেশ বুলি গ্রহণ কৰিলে আৰু লগতে পূর্বৰ ভাষা ত্যাগ কৰি অসমীয়া ভাষা গ্রহণ কৰিলে । গতিকে আহােম, ব্রাহ্মণ, ক্ষত্রিয়, নেপালী, চাহ-জনজাতি, প্রভৃতি বিভিন্ন জনগােষ্ঠীৰ সন্মিলিত ৰূপত অসমী ভাষা-সংস্কৃতিয়ে নতুন ৰূপ লাভ কৰিলে। এনেদৰেই বৃহত্তৰ অসমীয়া জাতি গঠন প্রতি সম্ভৱ হৈ উঠিল | অসমীয়া সংস্কৃতিৰ ৰূপান্তৰাে এনেদৰেই সম্ভৱ হৈ উঠিল। এটা সম্প্রদায়ৰ ভাল লগা কিছুমান ৰীতি-নীতি, আচাৰ ব্যৱহাৰ আন এটা সম্প্রদায়ে গ্রহণ কৰিলে। খােৱা বস্তু আৰু ৰন্ধন প্রকৰণৰাে সালসলনি হ'ল। সাজপাৰ, অলংকাৰ, দৈনন্দিন ব্যৱহাৰ্য আচবাব,বাচনবর্তন সকলােতেই পৰিবর্তন ঘটিল। এনেদৰেই অসমীয়া সংস্কৃতিয়ে সময়ৰ লগে লগে গ্রহণবর্জনৰ যােগেদি পৰিবর্তন লাভ কৰি ন-ৰূপ লাভ কৰিলে। এয়া আছিল এক স্বতস্ফূর্ত প্রক্রিয়া। অনুকৰণ, অনুসৰণৰ যােগেদি, আদান-প্রদান আৰু বিনিময়ৰ যােগেদি হােৱা প্রক্রিয়া। |

 প্রশ্ন ৮। তাৎপর্য ব্যাখ্যা কৰা  

(ক) দেখা যায় সকলােকে বান্ধি থােৱা এনাজৰীডাল অসমীয়া ভাষা। 

উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আব্দুছ ছাত্তাৰ লিখা ‘অসমৰ জনগােষ্ঠীয় গাঁথনি আৰু সংস্কৃতি’ শীর্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে। 

        ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিৰ বান্ধোন অধিক কটকটীয়া কৰিলে। অসমত বাহিৰৰ পৰা আহি বাস কৰা লােকসকলে অসমক নিজৰ দেশ হিচাপে গ্রহণ কৰাৰ লগতে অসমীয়া ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰিলে। আহােমসকলে তাই ভাষা, মুছলমান সকলে আৰবী-ফার্চী ভাষা, ব্রাহ্মণ আৰু ক্ষত্রিয়সকলে সংস্কৃত ভাষা ত্যাগ কৰি থলুৱা অসমীয়া ভাষা গ্ৰহণ কৰি উদাৰতাৰ পৰিচয় দিলে। অসমৰ থলুৱা জনজাতিসকলে নিজ নিজ জনগােষ্ঠীয় ভাষা জীয়াই ৰখাৰ লগতে বৃহৎ সমাজখনৰ সৈতে যােগাযােগৰ কাৰণে অসমীয়া ভাষাকে ব্যৱহাৰ কৰিছিল। আনহাতে বিহাৰ, ৰাজস্থান, হাৰিয়ানা, দিল্লী, উত্তৰ প্ৰদেশ প্রভৃতি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা লােকসকলেও হিন্দী, ৰাজস্থানী, ভােজপুৰী, প্রভৃতি ভাষা বাদ দি অসমীয়া ভাষা গ্ৰহণ কৰিছিল। অসমৰ দাতি-কাষৰীয়া ৰাজ্যসমূহৰ সৈতে যােগাযােগৰ প্রধান ভাষাটো আছিল অসমীয়া । গতিকে অসমীয়া ভাষাই থলুৱা অসমৰ জনজাতি অজনজাতি সকলৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আিহ অসমত বসবাস কৰা লােকসকল আৰু ভাৰতৰ বাহিৰৰ পৰা আহি ইয়াত স্থায়ীভাৱে বসবাস কৰা লােকলৰ মাজত যােগাযােগৰ একমাত্র মাধ্যম আছিল অসমীয়া ভাষা। এনেদৰেই অসমীয়া ভাষাই ভাষিক সংমিশ্রণৰ মাজেদি বিভিন্ন জাতি-জনগােষ্ঠীৰ সকলক ঐক্য আৰু সম্প্রীতিৰ এনাজৰীৰে বান্ধি ৰাখিছিল।

 (খ) এই গােটেইবােৰ হ’ল স্বতঃপ্রণােদিতভাৱে হােৱা প্রক্রিয়া।

উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সুবাস’ৰ অন্তৰ্গত বিশিষ্ট প্ৰৱন্ধকাৰ, শিক্ষাবিদ আব্দুছ ছাত্তাৰ বিৰচিত ‘অসমৰ জনগােষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ শীর্ষক পাঠটোৰ পৰা তুলি দিয়া হৈছে।

            অসমত এটা সময়ত সামাজিক বাধা-নিষেধৰ কাৰণে হিন্দু-মুছলমান উভয় সম্প্রদায়ৰ মাজত মুকলিভাৱে, বিশেষকৈ কোনাে সামাজিক অনুষ্ঠানত সামাজিকভাৱে খােৱা-বােৱা নচলিছিল। পৰৱৰ্তী কালত হােটেল ব্যৱস্থাৰ সম্প্ৰসাৰণৰ ফলত আগতে লুকাই চলা খােৱা বােৱাৰ ব্যৱস্থা লাহে লাহে মুকলিমূৰীয়াভাৱে হ’বলৈ ধৰিলে ৷ পৰাথা, কোর্মা, পােলাও আদিৰ লগতে কেক, বিস্কুট, ৰুটি আদিৰ মুকলিকৈ প্রচলন হ’ল। বঙ্গদেশৰ ৰসগােল্লা, লালমােহন, চিঙ্গৰা আদি বিভিন্ন মিঠাইৰ প্রচলন হ’ল। লাহে লাহে লুচি পুৰীও সােমাই পৰিল। মাদ্রাজী ডােচা-চাম্বাৰ আৰু ইডলী হােটেলৰ যােগেদি অসমীয়াই চিনি পােৱা হ'ল। এনেদৰেই জাতকুলৰ পৰম্পৰাগত প্রাচীৰ ভাঙি বিয়া-সবাহ, মৰা-সকাম আদিত হিন্দু মুছলমান উভয় সম্প্রদায়ৰ লােক একেলগে বহি খাব পৰা হ'ল। ভ্রাতৃত্বৰ বান্ধোন কটকটীয়া হল। সামাজিক অন্ধবিশ্বাস আৰু কু-সংস্কাৰসমূহ লাহে লাহে দূৰ হােৱাত মানুহৰ মনবােৰ ফৰকাল হল। এনেদৰেই সময়ৰ পৰিবৰ্তনৰ লগে লগে সংস্কৃতিৰ পৰিবর্তন সূচিত হ’ল আৰু  মানুহৰ মনৰ পৰা ধর্মীয় গােড়ামি আৰু সাম্প্রদায়িক ভেদভাব নােহােৱা হ’বলৈ ধৰিলে। অসমীয়া সংস্কৃতিৰ সমন্বয় আৰু গতিশীলতাৰ কাৰণে এইটো আছিল এক স্বাভাৱিক প্রক্রিয়া। এনেদৰেই সময়ৰ পৰিবৰ্তনৰ লগে লগে আধুনিক শিক্ষা, যাতায়াত। আৰু যােগাযােগ ব্যৱস্থাৰ সম্প্ৰসাৰণ, সাংস্কৃতিক মূল্যবােধৰ পৰিবৰ্তন প্রভৃতি বিবিধ কাৰকে সাম্প্রদায়িক সম্প্রীতি, ঐক্য আৰু সংহতিৰ বান্ধোন কটকটীয়া কৰি অসমীয়া জাতীয় । জীৱন সমৃদ্ধ কৰিছে।

 (গ) এইয়া আছিল দিয়া লােৱা আৰু এৰা ধৰাৰ ব্যৱস্থা। 

উত্তৰঃ উদ্ধত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য -সুবাস’ৰ অন্তৰ্গত আব্দুছ ছাত্তাৰ বিৰচিত ‘অসমৰ জনগােষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ শীর্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।

          অসমীয়া সংস্কৃতিৰ মূলতে হৈছে সমন্বয়। এই দেশলৈ বিভিন্ন সময়ত বিভিন্ন লােক আহিছে যদিও তেওঁলােকে নিজৰ মাতৃভূমিৰ ভাষা-সংস্কৃতি পৰিহাৰ কৰি অসমীয়া সংস্কৃতি আৰু ভাষা নিজৰ বুলি আদৰি লৈছে। তেনে কৰিবলৈ যাওতে   তেওঁলোকে পুৰুষানুক্রমে লাভ কৰি অহা বিভিন্ন ৰীতি-নীতি, আচাৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিত সােমাই পৰিছে। এনেদৰে আদান-প্রদান, বিনিময় আৰু গ্রহণ-বর্জনৰ মাজেছি অসমীয়া সংস্কৃতিয়ে বর্ণাঢ্য আৰু বৈচিত্র্যময় ৰূপ লাভ কৰিছে। অসমলৈ ব্যৱসায় সুত্রে অহা পঞ্জাৱী, মাৰােৱাৰী, বিহাৰী, ৰাজস্থানী প্রভৃতি ভাৰতৰ অন্যান্য প্রদেশৰ পৰা অহা লােকসকলেও মূল পৰিচয় ৰক্ষা কৰিও বহুতেই অসমীয়া হৈ পৰিল। বাহিৰৰ পৰা অহা সকলােৱেই এই দেশখনক নিজৰ বুলি ললে, ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰিলে। গতিকে এই সকলাে লগ লাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল।

প্রশ্ন ৯। সন্ধি ভাঙাঃ

উত্তৰঃ সংস্কৃতি – সম + কৃতি


জলাঞ্জলি = জল + অঞ্জলি 

বৃহৎ + পতি = বৃহস্পতি

ভৌগােলিক = ভৌগােল + ইক

নিশ + চয় = নিশ্চয়

উচ্ছঙ্খল = উৎ + শৃঙ্খল

দুশ+ চৰিত্র = দুশ্চৰিত্ৰ 

জগজ্জননী = জগৎ + জননী

দুৰ+ অৱস্থা = দুৰৱস্থা


সংলগ্ন = সম + লগ্ন

নিৰ+ আকাৰ = নিৰাকাৰ

প্রশ্ন ১০। প্র’ উপসর্গ লগলগাই তিনিটা শব্দ গঠন কৰা।। - 

উত্তৰঃ প্রখৰ, প্রগতি, প্রচলন, প্রণাম, প্রবাহ, প্রশংসা, প্ৰভাৱ, প্রয়ােগ, প্রমােদ, প্রস্থান, ইত্যাদি। 

প্রশ্ন ১১। বাক্য ৰচনা কৰা

উত্তৰঃ ভাষা-সংস্কৃতিঃ ভাষা-সংস্কৃতিয়ে এটা জাতিৰ শ্রেষ্ঠত্ব সুচায়। 

পূজা-পার্বণঃ পূজা-পার্বণ হিন্দুধর্মত পুৰণি কালৰে পৰা প্ৰচলিত হৈ আছে। 

বেপাৰবাণিজ্যঃ বেপাৰ-বাণিজ্যই অর্থনৈতিক উন্নতিতসহায় কৰে ।

সহজ-সৰলঃ গাঁৱলীয়া মানুহ দৰাচলতে সহজ-সৰল

দিয়া-লােৱাঃ সমন্বয় প্রক্রিয়াৰ বাবে দিয়া-লােৱা অতি জৰুৰী।

এৰাধৰাঃ এৰা-ধৰাৰ মনােভাৱে সম্প্রীতিত ইন্ধন যােগায় ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)
Our website uses cookies to enhance your experience. Learn More
Accept !