ইণ্টাৰনেটৰৰ তিতা মিঠা | ইণ্টাৰনেটৰ তিতা মিঠা প্ৰশ্ন উত্তৰ | ইণ্টাৰনেটৰ সুবিধা অসুবিধা | Class 10 assamese ইণ্টাৰনেটৰ তিতা মিঠা | ইণ্টাৰনেটৰৰ তিতা মিঠা class 10 | class 10 assamese lesson 9 ~ easyaxom

Partha Gogoi
0

CLASS 10: ইণ্টাৰনেটৰৰ তিতা মিঠা Question Answer ( প্ৰশ্ন উত্তৰ )

ইণ্টাৰনেটৰৰ তিতা মিঠা question answer by easyaxom

ইণ্টাৰনেটৰ তিতা মিঠা

প্রশ্ন ১। চমু উত্তৰ লিখা।

(ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল? 

উত্তৰঃ নৱম শ্রেণীৰ পৰা দশম শ্রেণীলৈ প্রথম হৈ উত্তীর্ণ হােৱা বাবে।

(খ) ইণ্টাৰনেট কি?

উত্তৰঃ কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপি এক ব্যৱস্থা। ইয়াক চমুকৈ net (নেট) বুলিও কোৱা হয়।  

(গ) কুঁৱলীয়ে প্রথমে কালৈ ই-মেইল কৰিছিল ?

উত্তৰঃ তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ।

(ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে ক'লৈ যােৱাৰ সিদ্ধান্ত লৈছিল?

উত্তৰঃ দক্ষিণ ভাৰতলৈ ফুৰিবলৈ।

(ঙ) ভাইৰাছকি?

উত্তৰঃ ই এক ধ্বংসাত্মক অভিপ্রায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম ।

প্রশ্নঃ ২। www বা ৱেব কি?

উত্তৰঃ পৃথিৱী জুৰি সিঁচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰম্পৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। ইয়াক www অর্থাৎ সম্পূর্ণ ৰূপ  world wide web বােলে ৷www বা ৱেবত তথ্যবােৰ পাঠ, গ্রাফিকছ, ভিডিঅ' আৰু অডিঅ'ৰ মাধ্যমত থাকে আৰু সেইবােৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি।।

প্রশ্নঃ ৩। কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে ?

উত্তৰঃ কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বন্ধু বান্ধৱীসকলৰ পৰা তেওঁলােকৰ দেশ ভ্রমণৰ  অভিজ্ঞতা তথা দৃষ্টিভংগীৰ এক ৰােমাঞ্চকৰ সােৱাদ লাভৰ কথা জানিব পাৰিলে। তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও জানিব পাৰিলে।

প্রশ্নঃ ৪। ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে ?

উত্তৰঃ ইণ্টাৰনেটে কুঁৱলীৰ মন-মগজু সম্পূর্ণৰূপে অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে । কুঁৱলীয়ে নানান নতুন অভিজ্ঞতা ইণ্টাৰনেটৰ সহায়ত লাভ কৰিলে। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও শিকি ল'লে। মনােৰঞ্জনৰ কাৰণে নীতিকথা থকা পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন-প্রাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলাও উপভােগ কৰি তাই মনটো প্রফুল্ল কৰি ৰাখিব পাৰিলে।
            আনহাতে ইণ্টাৰনেটত অনবৰতে ব্যস্ত থকাৰ কাৰণে ল'ৰা-ছােৱালী, ছাত্র-ছাত্রীৰ পঢ়া - শুনা, আন খেলা-ধূলা আৰু ঘৰুৱা কামৰ প্রতিও একেদৰে অনিহা আহি পৰে, তাৰ ফলত সেইবােৰে ভীষণ ক্ষতি কৰাৰ উপৰি শাৰীৰিক-মানসিক অনিষ্ট কৰে,অনবৰতে মূৰ আদি বিষাই থাকে । এই অতি প্রয়ােজনীয় অভিজ্ঞতা কুঁৱলীয়ে আহৰণ কৰিলে। সেই কাৰণেই তাইৰ মনটো বিষাদগ্রস্ত হৈ পৰিছিল আৰু ইয়াৰ পৰা উদ্ধাৰ পাবলৈ তাই শ্বৰানা বাইদেৱকৰ কাষলৈ ঢাপলি মেলিছিল।

প্রশ্নঃ ৫। ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?

উত্তৰঃ ভাইৰাছ (Virus)ৰ সম্পূৰ্ণ ৰূপ হ’ল "Vital information resources under size" ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগ্রেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবােৰত বিজুতি ঘটাব পাৰে, তাকে আকৌ মূল ব্যৱহাৰকাৰী দলৰ অজ্ঞাতে বা অনুমতি নােলােৱাকে। |

প্রশ্নঃ ৬। “ইণ্টাৰনেটৰৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।”-কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।।

উত্তৰঃ কথাষাৰৰ বক্তা আছিল বিশ্ববিদ্যালয়ত পদার্থবিজ্ঞানত গৱেষণা কৰি থকা গৱেষক শ্বাবনা বাইদেউ। ইণ্টাৰনেটৰ সুবিধাখিনিক মিঠা সুবিধা আৰু অসুবিধাখিনিক তিতা অসুবিধা বােলা হৈছে। ইণ্টাৰনেটত সুবিধাসমূহে মানৱ সভ্যতাক উন্নতিৰ জখলাত ত্বড়িৎ গতিৰে আগবঢ়াই নি উন্নতিৰ সপােন ৰচিব পাৰে। অৱশ্যে সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবােৰ নিষ্প্রভ কৰি তুলিব লাগিব। এইক্ষেত্ৰত পূর্ণমাত্রাই সফলতা তেতিয়াহে লাভ কৰিব পাৰি যেতিয়া সেই বেয়া দিশ তথা কু-ব্যৱহাৰৰ পৰা আঁতৰি - থাকিবলৈ সকলােৱে দৃঢ় প্রতিজ্ঞ হ’ব। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইসমূহৰ জৰিয়তে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও শিকিব পাৰি। দেশ-বিদেশৰ চাক্ষুস অভিজ্ঞতাৰ ৰােমাঞ্চকৰ সােৱাদ ল'ব পাৰি। যিকোনাে বিষয়ৰে তথ্য লাভ কৰিব পাৰি। মনােৰঞ্জনৰ কাৰণে নীতিশিক্ষা থকা পুৰণি চিনেমা, সু-গায়ক-গায়িকাৰ মন-প্রাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলাত উপভােগ কৰিব পাৰি। মুঠতে সমগ্র বিশ্বব্রহ্মাণ্ডখনেই যেন ইণ্টাৰনেটত পঞ্জীভূত হৈ আছে। 

            ইণ্টাৰনেটৰ অসুবিধা হ’ল, ইয়ে নতুন প্রজন্মক কিতাপৰ জগতখনৰ পৰা, খেল জগতৰ পৰা আনকি সমাজৰ পৰাও আঁতৰি থাকিবলৈ বাধ্য কৰায়। তেওঁলােকে সকলােফালেই পিঠি দিয়ে। ইণ্টাৰনেটৰ জৰিয়তে বহুতাে মিছা বাতৰিও প্ৰচাৰ হয়। এই মিছা বা ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰ উদাহৰণ আছে। গতিকে ইণ্টাৰনেটৰ পৰা যাতে এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে সীমিত আৰু নির্ধাৰিত সময়তহে আৰু নির্দিষ্ট বিষয়সমূহহে অতি সচেতনাৰে ব্যৱহাৰ কৰিব লাগে।

প্রশ্নঃ ৭। ইন্টাৰনেটৰ তিতা-মিঠা’ গল্পটোৰ নামকৰণৰ সার্থকতা বিচাৰ কৰা।

উত্তৰঃ ইণ্টাৰনেটৰ তিতা-মিঠা’ গল্পটোত ইণ্টাৰনেট কি এই সম্পর্কে ছাত্র-ছাত্রীসকলক সাধাৰণভাৱে এটি ধাৰণা দিবলৈ যাওঁতে লেখিকা ড° প্রণয়ী দত্তই ইয়াৰ লগত সম্পর্কিত অন্যান্য ভালেবােৰ কথাৰাে সমসামায়িক জ্ঞান দিব বিচাৰিছে।

            ইণ্টাৰনেট ব্যৱহাৰত কিছুমান সুবিধা আৰু কিছুমান অসুবিধা আছে। সুবিধাবােৰ হ’ল হয়ে মানৱ সভ্যতাক উন্নতিৰ জখলাত ত্বড়িৎ গতিৰে আগবঢ়াই নি উন্নতিৰ সপোন ৰচিব পাৰে। অৱশ্যে সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবােৰ নিষ্প্রভ কৰি তুলিব লাগিব । এই ক্ষেত্ৰত পুৰামাত্রাই সফলতা তেতিয়াহে লাভ কৰিব পাৰি যেতিয়া সেই বেয়া দিশবােৰ তথা কু-ব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলােৱে দৃঢ় প্রতিজ্ঞ হ'ব। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ জৰিয়তে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও শিকিব পাৰি। দেশ, বিদেশৰ চাক্ষুস অভিজ্ঞতাৰ ৰােমাঞ্চকৰ সােৱাদ লব পাৰি। যিকোনাে বিষয়ৰে তথ্য লাভ কৰিব পাৰি। মনােৰঞ্জনৰ কাৰণে নীতি শিক্ষা থকা পুৰণি চিনেমা, সু-গায়ক-গায়িকাৰ মণপ্রাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলাও উপভােগ কৰিব পাৰি । মুঠতে সমগ্র বিশ্ব ব্রহ্মাণ্ডৰ জ্ঞান আৰু খা-খবৰ ইণ্টাৰনেটৰ জৰিয়তে পাব পাৰি বুলি বিশেষ উদাহৰণেৰে লেখিকাই উল্লেখ কৰিছে। ইণ্টাৰনেটক এই সুবিধাসমূহক মিঠা সুবিধা বােলা হৈছে।
            আনহাতে ইণ্টাৰনেটত কিছুমান মাৰাত্মক অসুবিধাও আছে। ইণ্টাৰনেট এনে আকর্ষণীয় আৰু মােহনীয় বস্তু যে ইয়ে নতুন প্রজন্মক কিতাপৰ জগতখনৰ পৰা, সাহিত্য-সংস্কৃতি, খেল জগতৰ পৰা আনকি সমাজৰ পৰাও বিচ্ছিন্ন কৰি ৰাখে। ইণ্টাৰনেটৰ জৰিয়তে কিছুমান মিছা তথা ভুৱা বাতৰি প্ৰচাৰ হয়। এইবােৰ নতুন প্রজন্ম তথা ছাত্র-ছাত্রী আৰু সমাজৰ ভয়ানক ক্ষতিসাধন কৰে। ইণ্টাৰনেটৰ এনে ক্ষতিৰাে একাধিক উদাহৰণ দি লেখিকাই প্রকৃত চিত্র দাঙি ধৰিছে। ইণ্টাৰনেটৰ এনে অসুবিধা বা ক্ষতিবােৰকেই ইয়াত তিতা অসুবিধা বােলা হৈছে। ইণ্টাৰনেটৰ এই ভাল-বেয়া তথা তিতা-মিঠা সকলাে দিশ গল্পটোত বর্ণিত হৈছে কাৰণে গল্পটোক ইণ্টাৰনেটৰ তিতা-মিঠা’ নামকৰণ সার্থক হৈছে।

প্রশ্ন ৮। ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্রভাৱ পেলাব। পাৰে— পাঠৰ আধাৰত বুজাই লিখা।

উত্তৰঃ ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্র-ছাত্রীৰ জীৱনত অতি বেয়াকৈ প্ৰভাৱ পেলাব পাৰে। ছাত্র-ছাত্রীসকলে সাধাৰণতে ইণ্টাৰনেটত গেম খেলি বৰ আমােদ পায়। ইয়াৰ ফলত সিহঁতৰ পঢ়া-শুনাৰ প্রতি মনােযােগ একেবাৰে কমি আহে। পঢ়াত অতি চোকা ছাত্র-ছাত্রীয়ে দিনটো ইণ্টাৰনেটত গেম খেলাত ব্যস্ত হৈ থাকে। কেতিয়াবা ইয়াত ব্যস্ত হৈ থাকি স্কুললৈ যাবলৈও অনিচ্ছা প্রকাশ কৰে, ফলত এইসকল চোকা ছাত্র-ছাত্রীয়েও পৰীক্ষাত বেয়া ফল দেখুৱাবলগীয়া হয়। | 

            ইণ্টাৰনেটত ব্যস্ত থাকোতে পৰিয়াল, আপােনজন, ওচৰ-চুবুৰীয়া মানুহ সকলােৰে পৰা ক্ৰমাৎ আঁতৰি আহে। আপােনজনকো মাত এষাৰ দিবলৈ, প্রয়ােজনীয় সৌজন্যবােধ দেখুৱাবলৈ পাহৰি যায়। অনবৰত ইণ্টাৰনেট ব্যৱহাৰ কৰি থকাৰ কাৰণে শাৰীৰিক, মানসিক ক্ষতি হােৱাৰ লগতে কল্পনাৰ ৰঙীন তথা অবাস্তৱ জগতখনতহে উটি-ভাঁহি ফুৰা হয় । এলাহভাৱ ক্রমে বাঢ়ি আহে। মূৰ বিষাবলৈ ধৰে আৰু চকুৰ অভাৱনীয় ক্ষতি সাধন হয় । কিতাপ, পত্র, আলােচনী- বাতৰি কাকত আদিৰ লগত ছাত্র-ছাত্রীৰ সম্বন্ধই নাইকিয়া হৈ পৰে।

অতিৰিক্ত প্রশ্ন উত্তৰ

প্রশ্নঃ ১। চমু প্রশ্নোত্তৰঃ

(১) ইণ্টাৰনেটৰ তিতা-মিঠা পাঠটোৰ ৰচক কোন?

উত্তৰঃ ড’ প্রণয়ী দত্ত।

 (২) ড° প্রণয়ী দত্তই কি বিষয়ত গৱেষণা কৰি পিএইচডি ডিগ্রী লাভ কৰিছিল ?

উত্তৰঃ ‘মহাজাগতিক ৰশ্মিৰ ৰেডিঅ’ বিকিৰণৰ’ বিষয়ত গৱেষণা কৰি পিএইচডি ডিগ্রী লাভ কৰে ।

(৩) ড° প্রণয়ী দত্তই অধ্যাপক হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ত কোন চনত যােগদান কৰিছিল ?

উত্তৰঃ ১৯৭৭ চনত ।

(৪) ইণ্টাৰনেটৰ তিতা-মিঠা পাঠটিৰ কেন্দ্রীয় চৰিত্র কোন?

উত্তৰঃ কুৱলী নামৰ দশম শ্রেণীৰ ছাত্ৰীগৰাকী ।

(5) কিহৰ সংযােজন ঘটি Internet'শব্দৰ সৃষ্টি হৈছে?

উত্তৰঃ 'Interconnection of Networks' এই শব্দকেইটাৰ প্রথম অংশৰ সংযােজন ঘটি 'Internet' শব্দৰ সৃষ্টি হৈছে।

(৬) ইণ্টাৰনেটক (Internet) চমুকৈ কি বুলি কোৱা হয়?

 উত্তৰঃ Net (নেট) বুলি কোৱা হয়।

(৭) কিহৰ সমষ্টিয়েই ইণ্টাৰনেট হৈছে?

উত্তৰঃ হাজাৰ হাজাৰ বিভিন্ন প্রকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইণ্টাৰনেট।

(৮) নৱম শ্রেণীৰ পৰা দশম শ্রেণীলৈ কোনে প্রথম হৈ উত্তীৰ্ণ হৈছিল ?

 উত্তৰঃ কুঁৱলীয়ে ।

(৯) নৱম শ্রেণীৰ পৰা দশম শ্রেণীলৈ কুঁৱলী প্রথম হৈ উত্তীর্ণ হােৱাৰ কাৰণে দেউতাকৰ পৰা কি উপহাৰ পাইছিল ?

উত্তৰঃ এটি কম্পিউটাৰ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)
Our website uses cookies to enhance your experience. Learn More
Accept !