ভাৰতীয় সংস্কৃতি | Class 10 assamese ভাৰতীয় সংস্কৃতি | দশম শ্ৰেণীৰ অসমীয়া ভাৰতীয় সংস্কৃতি | ভাৰতীয় সংস্কৃতি class 10 question answer ~ easy axom

Partha Gogoi
0

 CLASS 10: ভাৰতীয় সংস্কৃতিৰ Question Answer (প্রশ্ন উত্তৰ)

ভাৰতীয় সংস্কৃতিৰ প্রশ্ন উত্তৰ by easy axom

 ভাৰতীয় সংস্কৃতিৰ

তলত দিয়া প্রশ্নসমূহৰ যথাযথ উত্তৰ দিয়া -

প্রশ্ন ১ঃ ভাৰতীয় সংস্কৃতিৰ প্রাণ কি?

উত্তৰঃ ক্রমবর্ধমান শক্তি হৈছে ভাৰতীয় সংস্কৃতিৰ প্রাণ ।

প্রশ্ন ২ঃ ‘ফ্রম ভল্গা টু গংগা’ কাৰ ৰচনা?

উত্তৰঃ পণ্ডিত ৰাহুল সংকৃত্যায়নৰ। 

প্রশ্ন ৩ঃ সর্বপল্লী ৰাধাকৃষ্ণণে ‘কালিয়দমন’ৰ কি আখ্যা দিছে? 

উত্তৰঃ সর্বপল্লী ৰাধাকৃষ্ণণনৰ মতে কালিয়দমন আর্যই অনাৰ্যক সংস্কৃত কৰাৰ প্রতীকধর্মী। নৃত্য। 

প্রশ্ন ৪ঃ কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ ‘বিস্তাৰ যুগ’ বুলিব পাৰি? 

উত্তৰঃ প্রকৃতপক্ষে বৌদ্ধ ধর্ম প্রচাৰ যুগকহে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। কোনাে কোনাে পণ্ডিতৰ মতে আনকি খ্রীষ্টীয় ‘ছাৰমান অন্ ডি মাউন্ট’ৰ গুৰিতাে বৌদ্ধ সাহিত্যৰ প্ৰভাৱ বিয়পি আছে। | 

প্রশ্ন ৫ঃ শিৱ আৰু শক্তিপূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল ? 

উত্তৰঃ শিৱ আৰু শক্তিৰ মূল বিচাৰি প্রত্নতাত্ত্বিক পণ্ডিতসকলে মহেঞ্জোদাৰাে সভত্যাৰ কাষ চাপিছিল আৰু ইয়াতেই তেওঁলােকে মূল আৱিষ্কাৰৰ কৰিছিল। ধ্যানস্থ শিৱৰ কল্পনা মহেঞ্জোদাৰােৰ সাংস্কৃতিক সম্পদ। সেই সভ্যতাৰ মােহৰত ই আজিও অঙ্কিত হৈ আছে। মহেঞ্জোদাৰাে আৰু হৰপ্পাৰ সংস্কৃতি আর্যপূর্ব যুগৰ আৰু ইয়াৰ ওপৰত ভেটি কৰিয়েই পৰবৰ্তী কালৰ সংস্কৃতি গঢ় লৈ উঠিছে। 

প্রশ্ন ৬ঃ ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? 

উত্তৰঃ গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কর্যৰ মূল সম্পদ। ৰেখাৰ লগত ৰেখাৰ সমন্বয় – ইয়াতকৈ আৰু আৱশ্যকীয় আৰু একো নাথাকে। জ্যামিতিৰ ' ছবিবােৰৰ দৰে এইবােৰ সৰল। ইছলামীয় ভাস্কর্যই হিন্দু ভাস্কর্যক কাৰুকার্য প্রদান কৰিছে আৰু হিন্দু ভাস্কর্যই ইছলামীয় পদ্ধতিৰ জটিলতা হাস কৰিছে।

প্রশ্ন ৭ঃ অজন্তাৰ ছবিৰবাৰত প্ৰকাশ পােৱা ভাববস্তু দুটা কি কি? 

উত্তৰঃ অজন্তাৰ ছবিৰবাৰত দুটা ভাববস্ত্র প্রকাশ পাইছে। এটা হৈছে সন্ন্যাস জীৱন আনটো হৈছে সমূহীয়া জীৱন। দুয়ােবিধ ছবি একেলগে অঙ্কিত হৈছে। 

            দ্বীতীয় পর্যায়ৰ ছবিবােৰ হৈছে জীৱন আনন্দৰ উচ্ছাসময় চিত্র। এইবােৰত ফুটি উঠিছে ' শক্তি, ব্যক্তি, প্রেম আৰু যৌৱন। প্রথম শাৰীত আছে দয়া, ধ্যান আৰু মৌনতা।

প্রশ্ন ৮ঃ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে ?

উত্তৰঃ নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি গান্ধীজীয়ে মত প্রকাশ কৰিছিল। লগে লগে অতীজৰ মিলিত সৎ আৰু সত্য বুলি সম্যক দৃষ্টিকোণৰ পৰা স্বীকৃত হৈছে, তাৰে বৰ্তমানৰ সংস্কৃতিৰ ভেটি বান্ধিবলৈ চেষ্টা কৰাটো উচিত হ’ব। ইয়াকে কার্যত পৰিণত কৰিবলৈ হ'লে ভাস্কর্য কলাৰ দৰেই নতুন সংস্কৃতি নে সমূহীয়া জীৱনৰ সম্পদ হ'ব লাগিব - সেই বিষয়ে অকণাে সন্দেহ নাই। ই হ’ব সমন্বয়ৰ বস্তু, জনসাধাৰণৰ বাছকবনীয়া সম্পত্তি, স্থান আৰু কালজয়ী শিল্প প্রচেষ্টা জীউলাও।

প্রশ্ন ৯ঃ সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বােলা হৈছে ?

উত্তৰঃ সুকুমাৰ কলাসমূহৰ ভিতৰত সম্ভৱতঃ চিত্রশিল্পই বেছি স্থায়ী। কীটছে ‘গেছিয়ান আৰ্ণ কবিতাত ইয়াৰেই জয় গান গাইছে।

প্রশ্ন ১০ঃ হেম বৰুৱাৰ সাহিত্যচর্চা সম্পর্কে পচিশটামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া।

উত্তৰঃ ১৯১৫ খ্রীষ্টাব্দত তেজপুৰত জন্ম গ্রহণ কৰি হেম বৰুৱাই গুৱাহাটীৰ কটন কলেজৰ পৰা বি.এ, আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত এম. এ. পাছ কৰি প্রথমে যােৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত শিক্ষকতা কৰে আৰু পিছত বি. বৰুৱা মহাবিদ্যালয়ত যােগদান কৰি অধ্যক্ষ পদ অলংকৃত কৰে। পিছত তেওঁ ৰাজনীতিত যােগদান কৰি লােকসভাৰ সদস্যৰূপে কার্যনির্বাহ কৰে।  হেমবৰুৱা আধনিক অসমীয়া কবিতাৰ বাটকটীয়া। তেওঁ কবি, সাংবাদিক, সমালােচক, ভ্রমণ কাহিনীৰচক, অনুবাদক, ঔপন্যাসিক আৰু ৰাজনীতিক। তেওঁৰ দ্বাৰা ৰচিত গ্রন্থসমূহৰ ভিতৰত কালীয়দমন’ ‘মনময়ৰী আদি কবিতা পুথি; 'সাগৰ দেখিছা’, ‘ৰঙা কৰবীৰ ফুল, ইজৰাইল’, মেকং নৈ দেখিলাে’ আদি ভ্রমণ কাহিনী বিশেষ উল্লেখযােগ্য। হেম বৰুৱাই কেইবাখনাে ইংৰাজী গ্রন্থ অসমীয়ালৈ অনুবাদ কৰিছিল। সেই সমূহৰ ভিতৰত - The Red River and the Blue Hill', 'August Revolution in Assam', 'Assamese Literature আদি বিশেষভাবে উল্লৈখযােগ্য।

প্রশ্ন ১২ঃ ‘ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।' ~ এই কথাষাৰ কিমান দূৰ যুক্তিপূর্ণ, ‘ভাৰতীয় সংস্কৃতি’ পাটোৰ আধাৰত বিচাৰ কৰা।

উত্তৰঃ হেম বৰুৱাই ‘ভাৰতীয় সংস্কৃতি' পাঠটিৰ আৰম্ভণিতেই ভাৰতীয় সংস্কৃতি স্বৰূপ সম্পর্কে ক'বলৈ গৈ উল্লেখ কৰিছে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্ত্ত । আর্য, অনার্য, মঙ্গোলীয় দাবিডী প্রভৃতি বিভিন্ন জনগোষ্ঠীৰ প্রবাহমান সোতৰ সমন্বয়ত ভাৰতীয় সংস্কৃতিয়ে নির্দিষ্ট ৰূপত আত্মপ্রকাশ কৰিছে। ভাৰতীয় সংস্কৃতিলৈ যুগ যুগ ধৰি বিভিন্ন দেশী-বিদেশী সংস্কৃতিৰ সোঁত আহিছে, গ্রীক শক হূন প্রভৃতি বিভিন্ন গোষ্ঠীৰ লোক চামে চামে ভাৰতলৈ আহিছে আৰু ইয়াত নিগাজীকৈ বসতি বিস্তাৰ কৰিবলৈ লৈছে। পুৰণি ভাৰত বুৰঞ্জীত বিভিন্ন অভিযানৰ কথা পােৱা যায়। এই অভিযানসমূহত থলুৱা ভাৰতীয় আৰু ভাৰতৰ বাহিৰৰ পৰা অহা লােকসকলৰ মাজত যেনেদৰে সংগ্ৰাম ভাব সংঘৰ্ষ হৈছে, ঠিক তেনেদৰে পৰস্পৰৰ মাজত ভাব-ভাষা আৰু কলা-সংস্কৃতিৰ আদান প্রদান আৰু বিনিময়াে হৈছে। গতিকে দেখা যায় যে ভাৰতীয় সংস্কৃতিৰ ইতিহাস ইয়াৰ ৰাজনৈতিক ইতিহাসৰ দৰেই সমন্বয় আৰু আদান-প্রদান, বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ ইতিহাস। ভাৰতীয় ৰাজনীতি, সমাজনীতি, শিল্প, সাহিত্য, দর্শন, চিত্রকলা, ভাস্কর্য, সঙ্গীত প্রভৃতি বিভিন্ন দিশত যুগ যুগ ধৰি হােৱা বিনিময় আৰু আদান-প্রদানৰ মাজেদি বর্তমান ভাৰতীয় সংস্কৃতিয়ে বিচিত্র ৰূপ পৰিগ্ৰহ কৰিছে। সমন্বয়ৰ আদৰ্শত গঢ় লৈ উঠাৰ বাবেই ভাৰতীয় সংস্কৃতিয়ে বিচিত্র ৰূপ পৰিগ্ৰহ কৰিছে । 

প্রশ্ন ১৩ঃ সভ্যতা আৰু সংস্কৃতি’ শব্দ দুটাৰ মাজৰ পার্থক্য বিচাৰ কৰা 

উত্তৰঃ ‘সভ্যতা আৰু সংস্কৃতি এই শব্দ দুটাৰ মাজত কিবা পার্থক্য আছে নেকি বিচাৰ কৰি চোৱা উচিত। আচলতে এই শব্দ দুটাৰ মাজত পার্থক্য আছে। এটাৰ সলনি | আনটো ব্যৱহাৰ কৰিব নােৱাৰি । 

         সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। ই এটা সমাজ পদ্ধতি। এনে ধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয়। সমাজ সভ্য আর্থাৎ সুশৃঙ্খল নহ'লে কোনাে ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কার্য হাতত লােৱাটো সম্ভৱপৰ নহয়। আনহাতে সংস্কৃতি হৈছে কোনাে এটা জাতিৰ বা সমাজ এখনৰ জীবন প্রতিভা। এটা জাতি সুসভ্য হ'ব পাৰে। আনহাতে ইয়াৰ তেনে কোনাে সাংস্কৃতিক স্তৰ নাথাকিব পাৰে। ভাষা, সাহ্ত্য, সুকুমাৰ কলা, দর্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পােৱা প্রতিভাই হৈছে জাতি বিশেষকৰ সংস্কৃতিৰ মাপকাঠী। সভ্যতাই সমাজ সুশৃঙ্খল কৰি সংস্কৃতিৰ সৃষ্টিত সহায় কৰে। 

        সংস্কৃতি হৈছে মানৱ সৃষ্ট পৰিবেশৰ এটা উন্নত আৰু শিল্পীত ৰূপ। ইমানৱৰ মনােজগতত উদ্ভৱ হোৱা সকলাে ধৰণৰ মানৱীয় কার্যকে সামৰি লয়। মুঠতে মানুহৰ চিন্তা, আদর্শ, কলা, বিশ্বাস, আইন আচাৰ আদিৰ এক মিশ্রণ। এই সমুহ উপাদানৰ শিল্পীত আৰু  পৰীশিলিত ৰূপকেই সংস্কৃতি আখ্যা দিব পাৰি।

        সংস্কতি হৈছে মানৱ কৃতিৰ শ্ৰেষ্ঠ অংশ। ব্যক্তিৰ ব্যক্তিত্ব গঠনত সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱ অনস্বীকার্য কাৰ্যণেই কৃষ্টি, সংস্কৃতি তাৰ সােণালী ফচল। সেইবাবেই সংস্কাৰ বা পৰিমার্জন সংস্কৃতিৰ বাবে অপৰিহার্য।

          সভ্যতাৰ বিকাশৰ কাৰণে জ্ঞানৰ বিকাশ অপৰিহার্য। শিক্ষা আৰু যােগাযােগ ব্যৱস্থাৰ সম্প্রসাৰণে মানৱ সভ্যতাৰ বিকাশত যথেষ্ট প্রভাৱ বিস্তাৰ কৰে। আনহাতে, সভ্যতা আৰু সংস্কৃতি পৰস্পৰ সম্পর্কযুক্ত। দুয়ােটাৰে ধাৰণাৰ মাজত কিছু পার্থক্য থাকিলেও দুয়ােবিধ ধাৰণাৰ কৰ্মৰাজিৰ মাজত মিলাে পৰিলক্ষিত হয়।

         সভ্যতাই দৰাচলতে মানুহৰ বহিজীৱন আৰু সংস্কৃতিয়ে মানুহৰ অন্তৰ্জীৱনৰ প্রতিনিধিত্ব কৰে। মানুহে নিজৰ মস্তিষ্কৰ কৰ্ষণ আৰু বুদ্ধিৰ যথার্থ প্রয়ােগৰ যােগেদি সভ্যতা নির্মাণ কৰে। আনহাতে হৃদয়বৃত্তিৰ কৰ্ষণ আৰু শৈল্পিক কাৰুকার্য নির্মাণেৰে সংস্কৃতি নির্মাণত সহায় কৰে। 

প্রশ্ন ১৪ঃ উত্তৰ ভাৰত, দাক্ষিণাত্য আৰু ইছলামীয় ভাস্কৰ্যৰ বিষয়ে তােমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।

উত্তৰঃ ভাৰতীয় সংস্কৃতি যে প্রভাৱশালী সমন্বয়ৰ সম্পদ সেই কথা যুগ যুগ ধৰি ক্রমবর্ধমান ৰূপত হােৱা আদান-প্রদান আৰু বিনিময়ৰ পৰাই উপলব্ধি কৰিব পাৰি। সেইবাবেই আমি ভাৰতীয় ভাস্কর্য, সুকুমাৰ কলা, শিল্প আৰু সাহিত্য সকলােতেই সমন্বয়ৰ নিদর্শন দেখিবলৈ পাওঁ।

             উত্তৰ ভাৰতৰ দৰে দাক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্রভাৱ পােনপটীয়াকৈ পৰা নাছিল। গতিকেই ইয়াৰ এটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পােৱা যায়। ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্রকে ৰঙীন কৰি তুলিছে। দাক্ষিণাত্যৰ ভাস্কর্যত কোণ আৰু সৰলৰেখাৰ প্রাদুৰ্ভাৱ সৰহ। গঠনৰ বিশালতা হৈছে ইয়াৰ আন এটা বৈশিষ্ট্য। প্রত্যেকটো ভঙ্গিমাই সুকীয়া। ইয়াৰ আৰ্হিত পুনৰাবৃত্তিৰ স্থান নাই।উদাহৰণস্বৰূপে কাঞ্জিভৰামৰ মন্দিৰলৈ চাব পাৰি । এই মন্দিৰটোত অন্ততঃ এহেজাৰটা স্তম্ভ আছে। ইয়াৰ এটা আৰ্হি আনটোৰ লগত নিমিলে। এইবােৰৰ সাজসজ্জাৰ জাকজমকতাই আৰু প্ৰতিকৃতিৰ বিশালতাই সাধাৰণতে অন্তৰ অভিভূত কৰে। 

            আনহাতে উত্তৰ ভাৰতৰ ভাস্কর্য দাক্ষিণাত্যৰ ভাস্কৰ্যৰ লগত নিমিলে। উত্তৰ ভাৰতীয় ভাস্কর্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্রাদুর্ভাৱ সৰহ। ই আচলতে সংহতিৰ ভাস্কর্য। ইয়াৰ শােভাসমন্বয় আৰু গঠনৰ সূক্ষ্মতাৰ জৰিয়তে প্রকাশ পাইছে, দাক্ষিণাত্যৰ দৰে কাৰুকাৰ্যৰ বিশালতাৰ সহায়ত নহয়। 

            গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। ৰেখাৰ লগত ৰেখাৰ সমন্বয় ইয়াতকৈ অনাৱশ্যকীয় আৰু একো নাথাকে। জ্যামিতিৰ ছবিবােৰৰ দৰে এইবােৰ সৰল। আচলতে উত্তৰ ভাৰতীয় ভাস্কর্য সমন্বয়ৰ বস্তু। ইয়াক কোনাে প্রকাৰেই সম্পূৰ্ণৰূপে ইছলামীয় বুলিব নােৱাৰি। এইবােৰৰ জৰিয়তে প্রচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদর্শ সন্নিবিষ্ট হৈ নতুন এক ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে। হিন্দু ভাস্কর্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্রাস কৰিছে। ইছলামীয় ভাস্কর্যই হিন্দু ভাস্কর্যক কাৰুকার্য প্রদান কৰিছে। এইদৰেই এক নতুন ধাৰাৰ উৎপত্তি হৈছে। এই সমন্বয়ৰ আদৰ্শ  যতেই সফল হৈছে, তাতেই আমি তাজমহলৰ নিচিনা অপূর্ব সৃষ্টি দেখিবলৈ পাইছোঁ। য’তেই হােৱা নাই, ত’তেই সমন্বয়ৰ আদৰ্শ অসার্থক হৈছে।

প্রশ্ন ১৫ঃ অজন্তাৰ গুহাত শিল্পকলাৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ অজন্তাৰ গুহাত অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান জাতি প্রজাতিৰ সমন্বয় উজ্জ্বল হৈ আছে। অজন্তাৰ ছবিবােৰত দুটা ভাব-বস্তু প্রকাশ পাইছে। এটা হৈছে সন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়ােবিধ ছবি একেলগে অঙ্কিত হৈছে। দ্বিতীয় পর্যায়ৰ ছবিবােৰ হৈছে - জীৱন আনন্দৰ উচ্ছাসময় চিত্র। এইবােৰত ফুটি উঠিছে শান্তি, গতি, প্রেম আৰু যৌৱন। প্রথম শাৰীত আছে দয়া, ধ্যান আৰু যৌনতা। ভাববস্তুৰ ফালৰ পৰা দুয়ােবিধ ছবি একে ধৰণৰ নহয়। দুয়ােবিধতে সুকীয়া সুকীয়া জগত প্রতিফলিত হৈছে। তথাপি পৃথক যদিও, এই জগত দুখন পৃথকভাবে অঙ্কিত হােৱা নাই। জীৱনৰ অসামঞ্জস্যক একেলগে গ্ৰহণ কৰিব পৰা শক্তিৰ সম্ভেদ এই ছবিবােৰত আছে। প্রাক-মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছে। পুৰুষ, মহিলা, শিশু বিবিধ ভঙ্গিমাত সকলােবােৰ একে-ঠাইতে অঙ্কিত হৈছে। জীৱনৰ প্রাচুর্যই যেন শিল্পীক মতলীয়া কৰিছে। ছবিবােৰৰ ভাববস্তুৰ অসামঞ্জস্যৰ মাজতাে বাস্তৱৰ অখণ্ডতাৰ কথা বিস্মৃত হােৱা নাই। শিল্পীৰ শিল্পজাত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় সাধিত হৈছে। ইয়েই অজন্তাৰ চিত্রশিল্পৰ গৌৰৱ। 

প্রশ্ন ১৬ঃ মােগল সম্রাট বাবৰৰ আমােলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা। 

উত্তৰঃ মােগল সত প্রবেশ কৰে। এই চি। জনজীৱন বা সমষ্টি | প্রকাশ। ইয়াৰ জন্ম হৈছিল ১৯ মােগল সম্রাট বাবৰৰ আমােলত চিত্রশিল্পৰ নতুন ধাৰা (পােন প্রথমে ভাৰতত  ৰে। এই চিত্রশিল্পৰ মূলতে আছিল প্রচুৰ ব্যক্তিবোধ । এনেতৰহৰ ব্যক্তিবাদী আৰ্টত ন বা সমষ্টি জীৱনৰ কোনাে সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু ছেংগীজ খাৰ ৰাজ দৰবাৰত; গতিকেই যুগৰ = অনুসৰি এই আট ব্যক্তিবাদী আৰু কঠোৰ হ’বলৈ বাধ্য হৈছিল। ইয়াত ভাব প্রবণতা আছে বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা। এইখিনিতে উদাহৰণ স্বৰূপে আমি ছৰ ৰােমাণ্টিক কাব্য সাহিত্যৰ কথা উনুকিয়াব পাৰোঁ । বিদ্যাপতিৰ ‘লাখ লাখ যুগ হিয় । সহ ৰখেন’ ইত্যাদিৰ তুলনাত এনে কার্য সাহিত্যত ভাৱ-প্ৰৱণতাৰ পৰিমাণ তাকৰ।। ব্যক্তিবাদে সাময়িকভাৱে হলেও চিত্রশিল্পত ইংগিত বা সংকেতৰ স্থান নােহােৱা কৰিলে। এইবােৰত ফুটি উঠিছিল বুদ্ধিৰ পৰিচয়। বাবৰৰ আমােলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্রচলিত চিত্র ধাৰাৰ মিলন ঘটিছিল। এই দুয়ােটাৰ সংমিশ্রণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। এই ফালৰ পৰা চাবলৈ গ'লে অনুভূতিৰ প্ৰসাৰ মােগল আৰ, ৰাজপট আটৰ প্রধান লক্ষণ। এবিধ মূলতে আনন্দাপ্লত, ৰস-চঞ্চল। আনবিধ ধীৰ, মন্থৰ প্রাণ | এইবােৰৰ স্থবিৰতাৰ মাজতাে হওঁতে লুপ্ত আনন্দধাৰা উজ্জ্বল হৈ আছে। 

প্রশ্ন ১৭ঃ উত্তৰ ভাৰতৰ সঙ্গীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে? 

উত্তৰঃ ভাৰতীয় উচ্চাঙ্গ সঙ্গীত দাক্ষিণাত্যৰ ভাস্কর্য কলাৰ দৰেই গাম্ভীর্যপূর্ণ আৰু বিচিত্র। উত্তৰ ভাৰতৰ সঙ্গীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়, গাম্ভীর্যৰ লগত ঠায়ে ঠায়ে আমি এক উৰণীয়া ভাবৰ সংযােগ দেখিবলৈ পাওঁ। ইয়াকেই দূৰ-বস্তুৰ ওপৰত লােকসঙ্গীতৰ প্ৰভাৱ বুলিব পাৰি। 

প্রশ্ন ১৮ঃ ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা। 

উত্তৰঃ গঠনৰ সৰলতা আৰু সূক্ষ্মতাৰ যােগেদি ইছলামীয় আদর্শই ভাৰতীয় সংস্কৃতিত নতুনত্বৰ সূচনা কৰিছে। হিন্দু ভাস্কর্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্রাস কৰিছে আৰু ইছলামীয় ভাস্কর্যই হিন্দু ভাস্কর্যক কাৰুকার্য প্রদান কৰিছে। এনেদৰেই এক নতুন ধাৰাৰ সৃষ্টি হৈছে। এই সমন্বয়ৰ আদৰ্শ য'তেই সফল হৈছে, ততেই আমি তাজমহলৰ নিচিনা অপূর্ব সৃষ্টি দেখিবলৈ পাইছে। য’তেই হােৱা নাই, তাতেই সমন্বয়ৰ আদৰ্শ অসার্থক হৈছে। 

          মােগল সম্রাট বাবৰৰ আমােলত চিত্র শিল্পৰ নতুন ধাৰা পােন প্রথমে ভাৰতত প্ৰৱেশ কৰে। এই চিত্র শিল্পৰ মূলতে আছিল প্রচুৰ ব্যক্তিবােধ। এনে ধৰণৰ ব্যক্তিবাদী আর্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনাে সম্বাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তি জীৱনৰ প্রকাশ, ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু ছেংগীজ খাৰ ৰাজদৰবাৰত। গতিকে যুগৰ প্রকৃতি অনুসৰি এই আর্ট ব্যক্তিবাদী আৰু কঠোৰ হ’বলৈ বাধ্য হৈছিল। ইয়াত ভাব প্রৱণতা নাই। আছে বিপুল উৎসাহ-উদ্দীপনা আৰু প্ৰেৰণা। এইখিনিতে উদাহৰণ স্বৰূপে আমি উদুৰ ৰােমাণ্টিক কাব্য সাহিত্যৰ কথা উনকিয়াব পাৰোঁ। ইছলামৰ সংঘাতে আমাৰ আধ্যাত্মিকতাৰ ধমনী কঁপাই তুলিছিল। পাৰ্থিৱ আৰু অপার্থিৱ দুয়ােটাৰ ওপৰত ইছলামৰ আস্থা প্রায় সমান। কিছু পৰিমাণে ইছলামে সামাজিক গণতন্ত্রৰ জন্ম দিছিল। ই অনিশ্চিত ভবিস্তৰ বস্ত নহয়। এনে চিন্তাধাৰাই সামাজিক বান্ধোন ছিঙি পেলাইছিল । সমাজৰ দৰিদ্ৰ পদুলিত জনতাই ইয়াৰ জৰিয়তে মুক্তিৰ সন্ধান পাইছিল। সামাজিক জীৱলত ব্যক্তিৰ মুক্তি বাণীয়ে ইচলাম ধৰ্ম প্ৰচাৰ দ্রুত কৰি তুলিছিল। ভাৰত ভূমিত ইছলামৰ খৰতকীয়া প্রচাৰৰ এটা কাৰণ। 

প্ৰশ্ন ১৯ঃ প্রাক-মুছলিম যুগ আৰু মছলিম যুগৰ ভাৰতীয় ভাস্কর্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা। 

উত্তৰঃ প্ৰাক মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও অজন্তাৰ চিত্রসমূহত আছে। পৰুষ, মহিলা, শিশু বিবিধ ভঙ্গিমাত সকলােবােৰ একে ঠাইতে অঙ্কিত হৈছে। জীৱনৰ প্রাচুর্যই যেন শিল্পীক মতলীয়া কৰিছে। এই জীৱন প্রাচুর্য একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলােক উদবাউল হৈছে । ছবিবোৰৰ ভাববস্তুৰ অসামঞ্জস্যৰ মাজতাে বাস্তৱৰ অখণ্ডতাৰ কথা বিস্মৃত হােৱা নাই। শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপিত হৈছে।

        মােগল সম্রাট বাবৰৰ আমােলত চিত্রশিল্পৰ নতুন ধাৰা পােনপ্ৰথমে ভাৰতত প্রবেশ কৰে। এই চিত্র শিল্পৰ মূলতে আছিল প্রচুৰ ব্যক্তিবােধ। এনে ধৰণৰ ব্যক্তিবাদী আর্টত জনজীৱন আৰু সমষ্টি জীৱনৰ কোনাে সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্রকাশ, ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু জেংগীজ খাৰ ৰাজদৰবাৰত। গতিকেই যুগৰ প্রকৃতি অনুসৰি এই আর্ট ব্যক্তিবাদী আৰু কঠোৰ হ’বলৈ বাধ্য হৈছিল। ইয়াত ভাব-প্রৱণতা নাই। আছে বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা। এইখিনিতে উদাহৰণ স্বৰূপে আমি উদ্ৰ ৰােমাণ্টিক কাব্য সাহিত্যৰ কথা উনুকিয়াব পাৰোঁ।

         ব্যক্তিবাদে সাময়িকভাৱে হ'লেও চিত্র শিল্পত ইঙ্গিত বা সংকেতৰ স্থান প্রায় নােহােৱা কৰিছিল। এইবােৰত ফুটি উঠিছিল যুদ্ধৰ পৰিচয়। বাবৰৰ আমােলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্রচলিত চিত্রধাৰাৰ মিলন ঘটিছিল। এই দুয়ােটাৰ সংমিশ্রণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। অজন্তাৰ সৰলতাৰ লগত নতুন ভাৰসাম্য সংযােগ হৈছিল। এই দিশৰ পৰা চাবলৈ গ'লে অনুভূতিৰ প্ৰসাৰ মােগল আৰু ৰাজপুট আর্ট প্রধান লক্ষণ। এবিধ মুলতে আনন্দাপ্লত, ৰস-চঞ্চল। আনবিধ ধীৰ, মন্থৰ প্রাণ।।

প্ৰশ্ন ২০ঃ ব্যাখ্যা কৰা ।

(ক) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মুল সম্পদ ।

উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য-সুবাসৰ অন্তৰ্গত হেম বৰুৱা দ্বাৰা ৰচিত ‘ভাৰতীয় সংস্কৃতি’ শীর্ষক প্রবন্ধটিৰ পৰা তুলি দিয়া হৈছে। 

          ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। আর্য, অনার্য; দ্রাবিড়, মঙ্গোলীয় প্রভৃতি গােষ্ঠীৰ সমিলমিল, সংস্কৃতি গ্রহণ আৰু বিনিময়ৰ যােগেদি ভাৰতীয়ে বর্তমানৰ ৰূপ পৰিগ্ৰহ কৰিছে। ভাৰতবৰ্ষলৈ বিভিন্ন সময়ত বিভিন্ন জনগােষ্ঠীৰ লােকৰ প্ৰবজন ঘটিচে । বাধাহীন গতিত হােৱা প্ৰবজনৰ ফলস্বৰূপে ভাষাতত্ত্ব, চিত্রকলা, ভাস্কর্য, সাহিত্য, আদি বিভিন্ন দিশত সমন্বয় আৰু সমিলমিল সংঘটিত হৈ ভাৰতীয় সংস্কৃতিয়ে বাধাহিন গতিৰে নিৰৱচ্ছিন্ন বৈ আহি ভাৰতীয় সংস্কৃতিক বৈচিত্র্যময় ৰূপ প্ৰদান কৰিছে। 

            পুৰণি ভাৰতৰ ইতিহাসত বিভিন্ন অভিযানৰ বর্ণনা পােৱা যায়। এনে অভিযানৰ গােগদি ভাৰতলৈ প্রবাহিত হােৱা জনসাধাৰণে কঢ়িয়াই অনা সাংস্কৃতিক সম্পদৰ সৈতে থলুবা সমাজৰ সমন্বয় সাধিত হৈছে। এসময়ত আৰ্যসকলৰ আগমণ ঘটিল যদিও তেওঁলােকে ইয়াত বসবাস কৰা দ্রাবিড়, মঙ্গোলীয় আৰু অন্যান্যসকলৰ শিল্পকলা, স্থাপত্য, ভাস্কর্য আদি গ্ৰহণ কৰি তাক নতুন ৰূপ দিলে। গ্রীক, শক, হূন প্রভৃতিৰ আগমণেও ভাৰতীয় সংস্কৃতিক ক্রমান্বয়ে সমৃদ্ধ কৰিলে । এনেদৰেই বিভিন্ন সাংস্কৃতিক সম্পদেৰে ভাৰতীয় জীৱন সমৃদ্ধ হৈছে ।

(খ) ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ বুৰঞ্জী । 

উত্তৰঃ উদ্ধত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য-সুবাসৰ অন্তৰ্গত হেম বৰুৱা ৰচিত ভাৰতীয় সংস্কৃতি’ শীর্ষক প্রবন্ধটিৰ পৰা তুলি দিয়া হৈছে। 

            ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন আৰু ভঙা-গঢ়াৰ বুৰঞ্জী। এই দেশৰ সম্পদ আৰু প্ৰাচৰ্যৰ প্রতি বিভিন্ন দেশৰ শেনচকু অতি প্রাচীন কালৰে পৰাই আছিল। এই দেশলৈ ইটোৰ পাছত সিটো গােষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো পৰিয়ালৰ পিছত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ, ইত্যাদি ঘটনাৰে ভাৰতৰ বুৰঞ্জী ভাৰাক্ৰান্ত। তথাপি ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি ক্রমবৰ্দ্ধমান সোঁতেৰে বৈ আছিল। ই অকস্মাতে ৰাজ্য ভঙা-গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যােৱা নাছিল। এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। শক, হন, পাঠান, মােগলৰ বিভিন্ন দল আক্রমণকাৰী ৰূপত এই ভাৰতলৈ আহিল আৰু ভাৰতীয় সংস্কৃতিৰ সৈতে মিলি গʼল। এনেদৰে বিভিন্ন সময়ত হােৱা আক্রমণ প্রতি আক্রমণ, অভিযান আৰু প্রতি অভিযানৰ ইতিহাসেৰে ভাৰতৰ বুৰঞ্জী ভাৰাক্ৰান্ত। মহেঞ্জোদাৰাে আৰু হৰপ্পাৰ সংস্কৃতি ধ্বংসৰ পিছত ইয়াত আৰ্যসংস্কৃতি প্রতিষ্ঠাৰ বাবে সংগ্রাম হয়। তথাপিও তাৰ মাজতেই আর্য-অনার্যৰ সমন্বয় আৰু সমাৰােহণৰ যােগেদি ভাৰতীয় সংস্কৃতি বিকশিত হােৱাৰ সুযােগ পায়।

(গ) সকলাে আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।

উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হেম বৰুৱা বিৰচিত ভাৰ সংস্কৃতি’ শীর্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।
            সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। এটাৰ উদেশ্য কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা। এটা বাহ্যিক আৰু দৃষ্টিসুখৰ আড়ম্বৰৰ জৰিয়তে প্রকাশ বিচাৰে, আনটোৱে আমাক অন্তৰ আত্মা স্পর্শ কৰি অভিভূত কৰে। প্ৰথমটোৱে প্ৰায়েই বিৰাট পটভূমিৰ আতিশয্য কৰে, দ্বিতীয়টোতে নকৰে। প্ৰথমটোৰ বহির্জাগতিক বিস্তৃতি আছে। দ্বিতীয়টোৰ নাই।।
            আৰ্ট জীৱনৰ পৰা উদ্ভূত হৈ ই জীৱনৰ ওপৰতে ক্রিয়া কৰে। আর্ট বা কলাৰ উদেশ। হেছে আনন্দ প্রদান আৰু তাৰ যােগেদি শৈল্পিক তানুভূতিৰ সঞ্চাৰ কৰা। সূক্ষ্ম আর্টে মানুহৰ অন্তৰ আত্মা তীব্র অনুভূতি সঞ্চাৰ কৰি মানুহক অভিভূত কৰি তুলিবলৈ সক্ষম হয়। প্রথমবিধ আর্টে বাহ্যিক জাকজমকতাৰ যােগেদি আত্মপ্রকাশ কৰি দৰ্শকৰ দৃষ্টি আকর্ষণ কৰিব বিচাৰে। আনহাতে দ্বিতীয়বিধে আড়ম্বড়হীনতাৰ মাজেদি মানুহৰ অনুভূতিত প্রবল প্রতিক্রিয়া সৃষ্টি কৰি যুগমীয়া প্ৰভাৱ বিস্তাৰ কৰে।

প্রশ্ন ২১। সন্ধি ভাঙা । 

উত্তৰঃ সংস্কৃতি = সম + কৃতি

ভাৰাক্ৰান্ত = ভাৰ + আক্রান্ত

সমন্বয় = সম + অন্বয়

সন্মত = সম + মত 

সম্বন্ধ = সম + বন্ধ 

প্রশ্ন ২২। বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া ।

উত্তৰঃ বৈচিত্র্য – বিচিত্রতা 

ভৌগােলিক – ভূগােল 

বিস্তৃতি – বিস্তৃত

নৈৰাশ – নিৰাশ 

বিপ্লৱ – বৈপ্লৱিক

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)
Our website uses cookies to enhance your experience. Learn More
Accept !